32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত “কম্বাইন হাৰ্ভেষ্টাৰ” কাৰ্যসূচী ৰূপায়ণ

Assamese Newsনগাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত "কম্বাইন হাৰ্ভেষ্টাৰ" কাৰ্যসূচী ৰূপায়ণ

 

নিউজ ব্যুৰ’,নগাঁও,২৬মে’:–কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু অসম কৃষি বাণিজ্য-গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ সহযোগত কালি আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “কম্বাইন হাৰ্ভেষ্টাৰ”(Combine harvester)ৰ দ্বাৰা বৰোধানৰ খেতি চপোৱা Grand Harvest কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কৃষকক কম খৰচত,কম সময়ত, কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তিসম্বলিত সঁজুলি “কম্বাইন হাৰ্ভেষ্টাৰ”ৰ দ্বাৰা ধান চপোৱাৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত “বৰোধান চপোৱা উৎসৱ” শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত হয় নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাআটি গাঁৱৰ পথাৰত । কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই কয় যে দেশৰ অৰ্থনীতিৰ চাৰি ভাগৰ এভাগ কৃষি আৰু আনুসাংগিক দিশৰ পৰা আহৰণ হয়। বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ উৎপাদন ক্ষেত্ৰত ধানে দেশৰ খাদ্য আৰু অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । পূৰ্বতে প্ৰতিকূল বতৰ,প্ৰাকৃতিক দুৰ্যোগৰ আৰু শ্ৰমিকৰ খৰচৰ বাবে কৃষক সকল ক্ষতিগ্ৰস্ত হৈছিল,যাৰ পৰিপ্ৰেক্ষিতত কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা বৰ্তমান কম খৰচত,কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুঁজ দিবলৈ বহু নতুন উদ্ভাৱন হ’ল । অনুুষ্ঠানত সন্মানীয় অতিথৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই কৃষকক ধানৰ জাত নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ধানৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ব্যৱস্থা,সাৰ প্ৰয়োগ কৰা ব্যবস্থা বিশ্লেষণ কৰি ধানত সমস্যা হোৱাৰ আগতে ব্যবস্থা ল’ব লাগে বুলি মন্তব্য কৰে। আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰাই ভাৰতীয় কৃষি ব্যৱস্থাৰ বৰ্তমান উন্নতিৰ হৈছে । কৃষি ক্ষেত্ৰত দেশ আগবাঢ়িছে আৰু ধান উৎপাদনত আমি স্বাৱলম্বী হৈছোঁ বুলি প্ৰকাশ কৰে। লগতে অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ আৱাসিক পৰামৰ্শদাতা ড° বীৰেন্দ্ৰ যাদৱে অসমৰ বান, খৰাং আদি প্ৰকৃতিক দুৰ্যোগৰ লগতে কম খৰছ,শ্ৰমিকৰ নাটনিৰ লগত যুঁজ দি অধিক উৎপাদনৰ বাবে এপাৰ্টৰ বিভিন্ন উদ্ভাৱন সমূহৰ ওপৰত বিশ্লেষণ কৰে । আন্তঃজাৰ্তিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী জ্যোতি বিকাশ নাথ,সূৰ্যকান্ত খাণ্ডাই,প্ৰকল্প সহযোগী প্ৰিয়ংকা ডেকা, অলংকিতা দত্ত,পথাৰ শস্য বিশেষজ্ঞা ডঃ বন্তি গগৈ,ৰজনীশ সেনৰ লগতে নগাঁও আৰু হোজাই জিলাৰ শতাধিক প্ৰগতিশীল কৃষকৰ উপস্থিতিত থাকে । অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড° চিংকি বৰ্মনে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!