26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

কাজিৰঙাৰ “এনিমেল ক’ৰিডৰ”ত চাৰিমাহে বিকল ছেন্সৰ-কেমেৰা

Assamese Newsকাজিৰঙাৰ "এনিমেল ক'ৰিডৰ"ত চাৰিমাহে বিকল ছেন্সৰ-কেমেৰা

 

নিউজ ব্যুৰ’,নগাঁও,২৬মে’:–আগন্তুক বাৰিষা কালত সম্ভাব্য বানপানীত যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণীৰ মৃত্যু নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ সঞ্চালকে যিসময়ত বিভিন্ন চৰকাৰী বিভাগ দল- সংগঠন আদিৰ সৈতে বিভিন্ন ঠাইত সজাগতা সভা পাতি আছে সেই সময়তে কাজিৰঙাৰ “এনিমেল কৰিড’ৰ”ত থকা ছেন্সৰ-কেমেৰা বিগত প্ৰায় চাৰি মাহ ধৰি বিকল হৈ থকাৰ পিছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকজনে কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উঠিছে । উল্লেখযোগ্য যে জখলাবন্ধাৰ পৰা বোকাখাতলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুঠ ৯ টা “এনিমেল কৰিড’ৰ” আছে । ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নীতি নিৰ্দেশনা অনুসৰি বন্যপ্রাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ পাণবাৰী, হালধিবাৰী,কাঞ্চনজুৰিকে আদি কৰি ৬ টাকৈ “এনিমেল কৰিড’ৰ”ত স্থাপন কৰা হৈছিল অত্যাধুনিক ছেন্সৰ-কেমেৰা । প্রায় ১৬ কোটি টকা ব্যয়েৰে অপ্টিকেল কেমেৰা, থাৰ্মল কেমেৰা,স্পীড ছেন্সৰ, স্পীড ৰিডাৰকে আদি কৰি ২১বিধ বিভিন্ন সামগ্ৰী প্ৰতিটো কৰিড’ৰতে সংস্থাপন কৰাৰ বাবে ২০১৮ চনত দায়িত্ব দিয়া হৈছিল “ডিথিলজিক” নামৰ হায়দাবাদৰ এক কোম্পানীক । কিন্তু আশ্চর্যজনকভাৱে তিনি বছৰতে বিকল হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই বহু কোটি টকীয়া প্ৰকল্পৰ । কলিয়াবৰ মহকুমাৰ ৰাঙলুৰ পৰা বোকাখাতৰ বৰজুৰিৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ হালধিবাৰী, কাঞ্চনজুৰি,পাণবাৰীকে আদি কৰি বন বিভাগে ইতিমধ্যে চিহ্নিত কৰা ৯ টাকৈ এনিমেল কৰিড’ৰত গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিল’মিটাৰ কৰাৰ অৰ্থে এই কেমেৰাসমূহ স্থাপন কৰা হৈছিল। “এনিমেল কৰিড’ৰ”বোৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আইন উলংঘা কৰি চলাচল কৰা যান-বাহনৰ গতিবেগ ছেন্সৰ কেমেৰাসমূহৰ দ্বাৰা অট’মেটিক নম্বৰ প্লেট ৰেকৰ্ডিং (ANPR) হোৱাৰ বাবে গাড়ীৰ নম্বৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । যাৰ বাবে বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যান-বাহনৰ গতিবেগ। “এনিমেল কৰিড’ৰ”ত সংঘটিত হোৱা যিকোনো ঘটনা, চোৰাং চিকাৰী,দুষ্কৃতিকাৰী,বন্য প্রাণী,যান-বাহনৰ পৰা আৰম্ভ কৰি যিকোনো গতি-বিধিৰ দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত । কিন্তু সকলো এতিয়া পৰিণত হ’ল ফুটুকাৰ ফেনত। হায়দাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া বছৰেকীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই মোকলাই নিদিয়াৰ বাবে এতিয়া প্ৰহসনত পৰিণত হৈছে এই কোটি টকীয়া প্রকল্প । ইতিমধ্যে হায়দৰাবাদলৈ উভতি গৈছে কোম্পানীটোৰ পাঁচজনকৈ কৰ্মচাৰী । কোম্পানীটোৰ এজন কৰ্মচাৰীৰ ভাষ্য মতে,যোৱা ৫-৬ মাহ ধৰি তেওঁলোকে কোম্পানীৰ পৰা লাভ কৰা নাই দৰমহা ।

আনহাতে, হায়দৰাবাদৰ কোম্পানীটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক বাৰে বাৰে ধন মোকলাই দিবলৈ আহ্বান জনাই থকাৰ পিছতো বিফল হৈছে । পৰিণতিত বন্ধ কৰা হৈছে “এনিমেল কৰিড’ৰ”ৰ কেমেৰাৰ সকলো কাম-কাজ । সমাগত বানপানীৰ পূৰ্বে “এনিমেল কৰিড’ৰ”ত কেমেৰা পুনৰ সক্ৰিয় নহ’লে বন্যপ্রাণী ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ ধাৱমান হ’লে অনিয়ন্ত্ৰিত গাড়ীৰ গতিবেগৰ বাবে মৃত্যুমুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কয় প্রকৃতিপ্রেমীয়ে । ইতিমধ্যে কালি বোকাখাতৰ যুৱ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে ৰাজ্যখনৰ মুখ্য সচিবক এই সম্পর্কে এক পত্রযোগে অৱগত কৰিছে। স্মর্তব্য যে কিছুদিনৰ পূৰ্বে কাজিৰঙাত দেশৰ ৰাষ্ট্ৰপতি উপস্থিত হৈ কাজিৰঙাৰ সুৰক্ষাৰ প্ৰসংগক গুৰুত্ব প্ৰদান কৰিছে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ সুৰক্ষা সন্দৰ্ভত কোনো আপোচ কৰা নহ’ব বুলি মতপ্রকাশ কৰিছে। ইয়াৰ উপৰি ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কাজিৰঙাৰ কঁহৰাত উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ছখন জিলাৰ আৰক্ষী অধীক্ষক,বন বিভাগৰ উচ্চ পদস্থ বিষয়া আদিৰ সৈতে আলোচনা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়,বাঘ,পহু আদি বন্যপ্রাণীৰ সুৰক্ষাৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে,তেনে সময়তে কাজিৰঙাত প্ৰয়োজনীয় ধন মোকলাই নিদিয়াৰ বাবে বন্ধ হোৱা এই ছেন্সৰ-কেমেৰা প্ৰকল্পই যেন উন্মোচন কৰিছে কাজিৰঙাক লৈ ৰাজ্য চৰকাৰ কিমান সচেতন তথা দায়বদ্ধ । পৰৱৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ লয় সেয়াহে হ’ব লক্ষণীয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!