ডিঙিৰ বিষত এই উপায়েৰে সকাহ পাব পৰা যায়

ডিঙিৰ বিষত এই উপায়েৰে সকাহ পাব পৰা যায়
Closeup woman neck and shoulder pain and injury. Health care and medical concept.

ফ্লু’ৱে সংক্ৰমণ বঢ়ায়৷ ইয়াৰ ফলত জ্বৰ, চৰ্দি, কাহ হয়৷ সৰুৱেই হওক বা ডাঙৰেই হওক সকলোৱে এনে সমস্যাত ভোগে৷ ঠাণ্ডা লাগিলে আকৌ বহুতৰে ডিঙি বিষাবলৈ ধৰে৷ যিসকলৰ তনছিলৰ সমস্যা আছে তেওঁলোকৰ সামান্য ঠাণ্ডা লাগিলেই ডিঙি বিষাবলৈ আৰম্ভ কৰে৷ ডিঙিৰ বিষ অতি কষ্টদায়ক৷ এই সমস্যা হ’লে খাদ্য বা পানী খোৱাৰ ক্ষেত্ৰত কষ্ট অনুভৱ হয়৷ পিছে ডিঙিৰ বিষক লৈ চিন্তা কৰাৰ কাৰণ নাই৷ কিয়নো কেইটামান ঘৰুৱা উপায়েৰে ডিঙিৰ বিষৰ পৰা সকাহ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল ডিঙিৰ বিষৰ পৰা নিৰাময় লাভ কৰিব পৰা কেইটামান ঘৰুৱা উপায়–

[১] মেথিঃ মেথি গুটি স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ডিঙিৰ বিষ আঁতৰাবলৈ হ’লে মেথি গুটি বা ইয়াৰ তেল ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে মেথি চাহ খোৱা কৰক৷ গৱেষণাত দেখা গৈছে যে মেথিয়ে বিষ উপশম কৰে৷ ইয়াত থকা এণ্টিফাংগাল উপাদানসমূহে ক্ষতিকাৰক বেক্টেৰিয়াসমূহ ধবংস কৰে৷ অৱশ্যে গৰ্ভৱতী মহিলাই মেথি খোৱাটো ক্ষতিকাৰক৷

[২] নহৰুঃ নহৰুত প্ৰাকৃতিক এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ ইয়াত থকা এলিচিন নামৰ এটি অৰ্গানছালফাৰ যৌগই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰে৷ নিতৌ নহৰু খালে চৰ্দি-কাহৰ লগতে বিভিন্ন ভাইৰাছজনিত সংক্ৰমণৰ পৰা হাত সাৰিব পৰা যায়৷ ডিঙিৰ বিষ আঁতৰোৱাৰ ক্ষেত্ৰত নহৰুত থকা প্ৰদাহবিৰোধী উপাদানসমূহে কাম কৰে৷ তদুপৰি দাঁতত থকা জীৱাণু নহৰুৱে ধবংস কৰাৰ লগতে শ্বাস-প্ৰশ্বাসৰ সমস্যা আঁতৰ কৰাত সহায় কৰে৷

[৩] বেকিং ছডাঃ বেকিং ছডাত বিভিন্ন উপকাৰী গুণ থাকে৷ ডিঙিৰ বিষ আঁতৰোৱাৰ ক্ষেত্ৰত বেকিং ছডাৰ সৈতে নিমখ পানী মিহলাই গাৰ্গল কৰিলে উপকাৰ পোৱা যায়৷ নিমখত থকা এণ্টিবেক্টেৰিয়েল উপাদানসমূহে ক্ষতিকাৰক বেক্টেৰিয়াসমূহ ধবংস কৰে৷ নেচনেল কেন্সাৰ ইন্‌ষ্টিটিউটৰ মতে একাপ গৰম পানীৰ সৈতে সামান্য পৰিমাণৰ বেকিং ছডা আৰু নিমখ মিহলাই তিনি ঘণ্টাৰ মূৰে মূৰে গাৰ্গল কৰিলে ডিঙিৰ বিষৰ পৰা সকাহ পাব পৰা যায়৷

[৪] জালুকগুটিঃ জালুকগুটি অকল ব্যঞ্জনত ব্যৱহাৰ হোৱাই নহয়, ই বিভিন্ন শাৰীৰিক সমস্যাৰ ক্ষেত্ৰতো ঔষধ হিচাপে কাম কৰে৷ বিশেষকৈ কাহ-চৰ্দিৰ পৰা জালুকগুটিত থকা উপাদানসমূহে সকাহ দিয়াত সহায় কৰে৷ জালুকগুটি গোটে গোটে গৰম পানীৰ সৈতে উতলাই চাহ কৰি খালে ডিঙিৰ বিষৰ পৰা স্বস্তি লাভ কৰিব পৰা যায়৷

[৫] মৌঃ চাহৰ সৈতে মৌ মিহলাই খালেও ডিঙিৰ বিষ নিৰাময় হয়৷

GTM Desk

Related