শিশু সন্তানৰ মোবাইল আসক্তি কমোৱাৰ বাবে গ্ৰহণ কৰক এনে ব্যৱস্থা…

শিশু সন্তানৰ মোবাইল আসক্তি কমোৱাৰ বাবে গ্ৰহণ কৰক এনে ব্যৱস্থা…

শিশু হৈছে দেশৰ সম্পদ। ডিজিটালাইইজেচনৰ এই যুগত শিশুৰ ম’বাইল আসক্তি দিনে দিনে বাঢ়ি আহিছে। বিষয়টো অভিভাৱকৰ বাবেও এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। গৱেষকৰ মতে শিশুৰ ম’বাইল আসক্তি বৃদ্ধি হোৱাৰ বাবে পাৰিবাৰিক বন্ধনৰ ধাৰণাও সলনি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱানলাইট ইনষ্টিটিউটে শিশুৰ বাবে ম’বাইল আসক্তি হ্ৰাস কৰাৰ উপায় প্ৰদান কৰিছে।
শিশুৰ ম’বাইল আসক্তি হ্ৰাস কৰিবলৈ আপুনি কৰিব পৰা কামবোৰ কি কিঃ

১. শিশুটোৰ সৈতে কথা পাতক। শিশুৱে একাকিত্বৰ বাবে মোবাইলৰ আসক্ত হ’ব পাৰে। আপুনি সময় পোৱাৰ সময়ত তেওঁৰ সৈতে কথা পাতিব লাগিব। শিশুৱে শিশুকালৰ পৰা কাহিনী শুনিবলৈ আগ্ৰহী, আনকি মাতৃ গৰ্ভত থাকোঁতেও কাহিনী শুনিলে মানসিক বিকাশ বৃ্দ্ধি হয়। গতিকে আপুনি তেওঁৰ সৈতে বহুত কথা পাতিব লাগিব।

২. আপোনাৰ কোঠাৰ বিশেষকৈ শিশুটোৱে ব্ছি সময় কটোৱা ৰুমত ইলেক্ট্ৰিক ডিভাইচ ৰাখিব নালাগে। শিশুৱে প্ৰথমে পৰিয়ালৰ পৰা শিক্ষা লাভ কৰে। গতিকে অভিভাৱকসকলে এই ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন। শিশুৰ সন্মুখত যিমান সম্ভৱ ম’বাইল বা ডিভাইচ ৰাখিব নালাগে।

৩. আপুনি শিশুৰ উপযুক্ত ৰং, তুলিকা, চিত্ৰ, ৰং পেঞ্চিল, বিভিন্ন সংগীত বাদ্য (বাঁহী, চিতাৰ, ভায়োলিন) কোঠাৰ চাৰিওফালে ৰাখিব পাৰে। ই আপোনাৰ সন্তানক ইয়াৰ প্ৰতি মনোযোগী কৰি ৰাখিব। শিশুটি অকলে থাকিলেও এইবোৰ বজাবলৈ চেষ্টা কৰিব বা ৰং ব্যৱহাৰ কৰি চিত্ৰ আঁকিবলৈ চেষ্টা কৰিব।

৪. ঘৰত কিতাপ ৰাখক। যেতিয়া আপুনি মবাইলৰ সলনি শিশুৰ সন্মুখত কিতাপ লৈ বহে, আপোনাৰ সন্তানেও আপোনাৰ কাষত বহে। বা বাতৰি কাকত পঢ়াৰ অভ্যাস কৰি লওক। এনে অভ্যাসবোৰ শিশুৱেও আঁকোৱালি ল’ব।

৫. প্ৰকৃতিৰ সান্নিধ্যলৈ আহক। ফুল-লতিকা-চৰাই-জন্তু আদি যিমান পাৰি, সিমানৰ বিষয়ে শিশু জনাওক। ঘৰতে ফুলৰ টাব আদি ৰাখক। বাগিচা থাকিলে শিশুটোৰ সৈতে সময় কটাওক। ই শিশুসকলক সামাজিক কৰি তোল। যিসকলে চহৰত বাস কৰে তেওঁলোকে সপ্তাহত এটা দিন বা মাহত দুই দিন শিশুৰ সৈতে প্ৰকৃতিৰ ওচৰলৈ যাব পাৰে। ই শিশুৰ মানসিক বিকাশ উন্নত কৰিব।

৬. শিশুসকলক ঘৰতে ব্যস্ত ৰাখিব লাগে। বিশেষকৈ মাতৃসকলে এইটো কৰিব পাৰে। আপুনি আপোনাৰ সন্তানক নিজে কৰা কামৰ অংশীদাৰ হবলৈ শিক্ষা দিয়ক। ই আপোনাৰ সন্তানক ঘৰৰ কাম-কাজত আগ্ৰহী কৰি ৰাখিব আৰু ম’বাইল আসক্তি এনেদৰে লাহে লাহে দূৰ হ’ব।

GTM Desk

Related