সন্তানটিয়ে প্ৰসাধনেৰে খেলি ভাল পায়, ক’ত নজৰ দিব

সন্তানটিয়ে প্ৰসাধনেৰে খেলি ভাল পায়, ক’ত নজৰ দিব

বহুতো মাকে কণমানি শিশুটিৰ মন ভুলাবলৈ নিজৰ গহনা, কিছুমান প্রসাধন সামগ্ৰী সিঁহতৰ হাতত তুলি দিয়ে। কণমানিবোৰেও এইবোৰ খুব পছন্দ কৰে। কিন্তু সমস্যা হয় তেতিয়াহে, যেতিয়া শিশুটি লাহে লাহে প্রসাধনৰ প্রতি আসক্ত হৈ উঠে। পাছত আকৌ মাক-দেউতাকেই সন্তানৰ তেনে অভ্যাস মানি ল’ব নোৱাৰা হয়, খং কৰে। তেনেক্ষেত্ৰত কি কৰা উচিত?

১) এতিয়া ম’বাইল, ইণ্টাৰনেটৰে অতি সহজেই ফেশ্বন তথা প্রসাধনৰ নানা ছবি-ভিডিঅ’ চোৱাত অভ্যস্ত হৈ উঠে শিশু। তাৰ পৰাই শিশু মনত এইবোৰ বস্তু ব্যৱহাৰ কৰাৰ বাসনাৰ জন্ম হ’বলৈ পায়। হয়তো সাময়িক ইচ্ছা মাত্র। যদি সন্তানৰ সেই অভ্যাস হৈছে তেন্তে গালি নিদিব বা নবকিব।তাৰ পৰিৱৰ্তে জানিবলৈ বিচাৰক যে হঠাৎ কিয় তেনে প্ৰসাধন ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হ’ল? ক’ৰ পৰা জন্ম হ’ল এই অভ্যাসৰ?

২) শিশুটিয়ে প্রথমে বুজিব নিবিচাৰিলে সিঁহতক সাধাৰণ কিছুমান বস্তু ব্যৱহাৰ কৰিবলৈ দিয়ক। শিশুটিক বুজাওক কিয় বেছি প্রসাধন ব্যৱহাৰ কৰা কম বয়সত ছালৰ বাবে ভাল নহয়। আৰু জানি ল’ব কোন বিধ প্রসাধন ব্যৱহাৰ কৰিছে। কম ৰাসায়নিকযুক্ত বস্তুপদ কিনি দিয়ক।

৩) শিশুটিয়ে সামান্য প্রসাধন ব্যৱহাৰ কৰিলেও ছালৰ যত্ন ল’বলৈ শিকাওঁক। বহু সময়ত শিশুয়ে প্রসাধন ব্যৱহাৰ কৰাৰ পাছত সেইটো মচিবলৈ বা উঠাই পেলাবলৈ ইচ্ছা নকৰে। বুজাব যে সেইটো ছালত তেনেদৰে ৰখা কিমান ক্ষতিকৰ।

GTM Desk

Related