Advertisement

দীৰ্ঘসময় ইয়েৰফোন ব্যৱহাৰ কৰিলে এইবোৰ সমস্যা হ’ব পাৰে

দীৰ্ঘসময় ইয়েৰফোন ব্যৱহাৰ কৰিলে এইবোৰ সমস্যা হ’ব পাৰে
Happy girl dancing

বহুতেই গান শুনা বা অন্যান্য কাৰণত দীৰ্ঘসময় কাণত ইয়েৰফোন গুজি ৰাখে৷ কিন্তু প্ৰযুক্তিগত এই যন্ত্ৰবিধ দীৰ্ঘসময় ধৰি কাণত গুজি ৰাখিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সম্প্ৰতি পৃথিৱীত প্ৰায় ১১০ কোটি লোক শ্ৰৱণ সংক্ৰান্তীয় সমস্যাত ভুগি আছে৷ এই বৃহৎসংখ্যক লোকৰ পঞ্চাশ শতাংশই হৈছে ৩৫ বছৰৰ তলৰ৷ এইসকলৰ প্ৰায়ভাগেই নিয়মীয়াকৈ ইয়েৰফোন জাতীয় যন্ত্ৰ ব্যৱহাৰ কৰে৷

বিশেষজ্ঞসকলৰ মতে প্ৰযুক্তিগত এই যন্ত্ৰবিধে গান শুনা বা মোবাইল ফোনত কথা পতাৰ অনুভূতিত বিপ্লৱৰ সৃষ্টি কৰিছে ঠিকেই, কিন্তু এই যন্ত্ৰবিধ শ্ৰৱণ সমস্যাৰ অন্যতম কাৰণো হৈ পৰিছে৷

উল্লেখ কৰা হ’ল ইয়েৰফোন দীৰ্ঘসময় ব্যৱহাৰ কৰিলে হ’ব পৰা সমস্যা সমূহ–

[১] মূৰৰ বিষঃ দীৰ্ঘসময় ইেয়ৰফোন ব্যৱহাৰ কৰিলে কৰ্ণপতহত চাপৰ তাৰতম্য ঘটে৷ ফলত কাণ আৰু ইয়াৰ সৈতে সংলগ্ন অংশসমূহত বিষৰ সৃষ্টি হয়৷ ইয়েৰফোনৰ অত্যধিক ব্যৱহাৰে মাইগ্ৰেনৰ সমস্যা বঢ়ায়৷ অন্তঃকৰ্ণই দেহৰ ভাৰাসাম্য নিয়ন্ত্ৰণ কৰে৷ দীৰ্ঘসময় স-শব্দে ইেয়ৰফোন ব্যৱহাৰ কৰিলে স্পৰ্শকাতৰ এনে অংশসমূহৰ ক্ষতি হ’ব পাৰে৷ ফলত মূৰৰ বিষৰ সৃষ্টি হয়৷

[২] শ্ৰৱণ শক্তি হ্ৰাস পায়ঃ ঘণ্টাৰ পাছত ঘণ্টা বেছি শব্দত ইয়েৰফোন ব্যৱহাৰ কৰি থাকিলে স্বল্প তথা দীৰ্ঘম্যাদী ভিত্তিত শ্ৰৱণ শক্তি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে৷ একেৰাহে উচ্ছগ্ৰামৰ শব্দই কাণৰ স্নায়ুৰ ক্ষতি কৰে৷ গতিকে অত্যধিক ইয়েৰফোন ব্যৱহাৰ কৰা অভ্যাস পৰিহাৰ কৰক৷

[৩] সংক্ৰমণৰ সমস্যা হয়ঃ দীৰ্ঘসময় ইয়েৰফোন পিন্ধি থাকিলে কাণেৰে বায়ু চলাচল কৰাত বাধা জন্মে৷ ফলত কাণৰ অভ্যন্তৰত আদ্ৰৰ্ পৰিৱেশত জীৱাণু সংক্ৰমণৰ আশংকা বৃদ্ধি পায়৷ লগতে ইেয়ৰফোনত জমা হৈ থকা বেক্টেৰিয়াৰ পৰাও সংক্ৰমণ বিয়পাৰ আশংকা থাকে৷ বিশেষকৈ যিসকলৰ পূৰ্বৰে পৰা কাণৰ সংক্ৰমণৰ সমস্যা আছে তেওঁলোকে ইয়েৰফোন ব্যৱহাৰৰ পৰা বিৰত থকাই ভাল৷

অৱশ্যে বিশেষজ্ঞসকলৰ মতে ইয়েৰফোনৰ সলনি যদি হেডফোন ব্যৱহাৰ কৰিব পৰা যায় তেন্তে ক্ষতিৰ পৰিমাণ কম হয়৷

Shahnawaz Hamza

Related