হাঁহিয়েই হৈছে প্ৰতিটো ৰোগৰ ঔষধ

হাঁহিয়েই হৈছে প্ৰতিটো ৰোগৰ ঔষধ
Three young women laughing outdoors

হাঁহি আমাৰ মানসিক তথা শাৰিৰীক স্বাস্থ্যৰ বাবে অতি উপকাৰী।কিন্তু ব্যস্ত সময়সূচী, মানসিক চাপ আদিৰ বাবে আজিকালি মানুহে হাঁহিবলৈ পাহৰি গৈছে। হাঁহি কেৱল মানুহক একত্ৰিত কৰাৰ উৎকৃষ্ট উপায়েই নহয়, ই মানসিক স্বাস্থ্যৰ বাবেও অত্যন্ত লাভজনক।হাঁহিৰ উপকাৰিতাসমূহৰ বিষয়ে আজি জানো আহক-

বিষৰ পৰা সকাহ দিয়ে

হাঁহিলে এণ্ডোৰ্ফিন নামৰ এবিধ হৰমন মুকলি হয়, যিয়ে আমাৰ মনটোক খুব ভাল অনুভৱ কৰায়। এই হৰমনে চাপ উপশম কৰাতো সহায় কৰে।সেয়েহে, যদি আপুনি চাপমুক্ত হৈ থাকিব বিচাৰে, তেন্তে হাঁহি থকাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে

হাঁহিলে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়। যাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। গতিকে স্বাস্থ্যৱান হৈ থাকিবলৈ হাঁহিৰে আপোনাৰ দিনটো আৰম্ভ কৰিব।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

বৰ্ধিত ৰক্তচাপ হাঁহিৰ দ্বাৰাও নিয়ন্ত্ৰণ কৰিব পাৰি। ই হৃদ আক্ৰমণ আৰু ষ্ট্ৰ’কৰ আশংকাও হ্ৰাস কৰে।আনহাতে, হাঁহিয়ে আমাৰ ৰক্তনলীবোৰ উন্নত কৰাত সহায় কৰে।

টোপনি আৰামদায়ক হয়

যদি আপোনাৰ টোপনি যোৱাত সমস্যা হয়, তেন্তে হাঁহিবলৈ অভ্যাস কৰক। ই শৰীৰত মেলাটোনিন নামৰ এক হৰমন সৃষ্টি কৰে।এই হৰমনবিধে শান্তিৰে নিদ্ৰা অহাত সহায় কৰে।

উজ্জ্বল ছাল

উজ্জ্বল ছাল সকলোৱে বিচাৰে। হাঁহিলে মুখৰ পেশীয়ে সঠিকভাৱে কাম কৰা আৰম্ভ কৰে।যিয়ে ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু ছাল উজ্জ্বল কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

হাঁহি হাঁহি আপুনি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ পৰাও বাচি থাকিব পাৰে।হাঁহিয়ে হৃদ আক্ৰমণৰ আশংকা হ্ৰাস কৰাতো বহু পৰিমাণে সহায় কৰে।

GTM Desk

Related