বহি থাকোতে ভৰি নচুৱাই থকা অভ্যাস আছে নেকি?

বহি থাকোতে ভৰি নচুৱাই থকা অভ্যাস আছে নেকি?

কিছুমান মানুহৰ বহি থাকোঁতে ভৰি নচুৱাই থকাৰ অভ্যাস আছে। ইয়াৰ বাবে বৃদ্ধ লোকসকলে বাধা দিয়াও দেখা যায় কিয়নো এনেদৰে ভৰি নচুৱাই থকাটো বেয়া বুলি গণ্য কৰা হয়। ইয়াৰ আঁৰত জ্যোতিষ আৰু বৈজ্ঞানিক কাৰণ দায়ী। জ্যোতিষ আৰু বৈজ্ঞানিক দুয়োটা দৃষ্টিকোণৰ পৰা বহি থাকোঁতে ভৰি নচুৱাই থকাটো আমাৰ জীৱনত ক্ষতি কৰে। আহক জানো বহি-বহি ভৰি নচুৱাই থাকিলে আৰু কি কি লোকচান হ’ব পাৰে।

বহি থাকোতে ভৰি নচুৱাই থকাৰ লোকচান-

১. যিসকল লোকে বহি থাকোঁতে ভৰি নচুৱাই থাকে তেওঁলোকৰ এই অভ্যাসে তেওঁলোকক সময়ৰ লগে লগে দৰিদ্ৰ কৰি তোলে। এনেদৰে ভৰি নচুৱাই থাকিলে মা লক্ষ্মীক অপমান কৰা হয়। ইয়াৰ ফলত মানুহৰ জীৱনত সুখ, ধন-সমৃদ্ধি হ্ৰাস হয়।

২. যিসকল লোকে পূজা-প্ৰাৰ্থনা কৰাৰ সময়ত বা কোনো ধৰ্মীয় অনুষ্ঠান কৰি থকাৰ সময়ত ভৰি নচুৱাই থাকে তেওঁলোকে পূজাৰ ফল লাভ নকৰে। তেওঁলোকৰ পূজা আৰু প্ৰাৰ্থনা অপচয় হৈ যায়।

৩. ইয়াৰ লগতে বহি-বহি ভৰি নচুৱাই থকাটো আত্মবিশ্বাসৰ অভাৱ প্ৰদৰ্শন কৰে ই আপোনাৰ সন্মুখৰ লোকজনৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

৪. জ্যোতিষশাস্ত্ৰৰ মতে ভৰি নচুৱাই থাকিলে জমা হৈ থকা ধনো নাইকিয়া হ’বলৈ আৰম্ভ কৰে। এনে লোকসকলৰ ওপৰত লক্ষ্মী মাৰ আৰ্শীবাদ নাথাকে।

৫. বৈজ্ঞানিক দৃষ্টিৰে চোৱা হয় যদি এনেদৰে ভৰি নচুৱাই থাকিলে হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি হয়। এনে লোকসকলৰ হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। চিকিৎসা বিজ্ঞানত ভৰি নচুৱাই থকাৰ অভ্যাসক ‘ৰেষ্টলেছ লেগছ চিণ্ড্ৰোম’ (RLS) বুলিও কোৱা হয় আৰু ইয়াক পৰিহাৰ কৰা উচিত।

৬. যিসকল লোকে ভৰি নচুৱাই থাকে সেইসকল লোকৰ টোপনিৰ ওপৰটো বেয়া প্ৰভাৱ পৰে। এনে লোকসকলে অনিদ্ৰাৰ সমস্যা থাকে।

Shahnawaz Hamza

Related