পাকঘৰত কেতিয়াও শেষ হ’বলৈ নিদিব এই ৫ বিধ সামগ্ৰী; নহ’লে…

পাকঘৰত কেতিয়াও শেষ হ’বলৈ নিদিব এই ৫ বিধ সামগ্ৰী; নহ’লে…
Processed with VSCOcam with c1 preset

১. বাস্তু শাস্ত্ৰৰ মতে নিমখ (Salt) এবিধ গুৰুত্বপূৰ্ণ সামগ্ৰী। নিমখ শেষ হোৱাৰ আগতে কিনি আনি থ’ব লাগে। লোকবিশ্বাস অনুসৰি ঘৰত বাৰে বাৰে নিমখ শেষ হোৱাটো অতি বেয়া লক্ষণ। ই ঘৰৰ মহিলাসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

২. আনহাতে বাস্তু শাস্ত্ৰ অনুসৰি আন এবিধ বস্তু হ’ল আটা (Atta Flour)। পাকঘৰত আটা শেষ হৈ গ’লে অশুভ বুলি গণ্য কৰা হয়। ঘৰত আটা শেষ হোৱাৰ আগতে আনি থওক। নহ’লে হানি হ’ব পাৰে মান-সন্মান।

৩. হিন্দু ধৰ্মত চাউলক (Rice) অতি শুভ বুলি গণ্য কৰা হয়। পূজা-পাঠৰ লগতে প্ৰায়ে ধৰ্মীয় কাম-কাজত চাউলৰ ব্য়ৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত চাউল কম থকা বা ভাত বেছি হোৱাটো অশুভ লক্ষণ।

৪. লগতে আন এবিধ সামগ্ৰী পাকঘৰত কেতিয়াও শেষ হ’বলৈ নিদিব, সেইবিধ হ’ল সৰিয়হৰ তেল (Mustard Oil)। সকলো সময়তে পাকঘৰত তেল থকাটো অতিকে প্ৰয়োজন। শনিবাৰে সৰিয়হৰ তেল দান কৰিলে খুব ভাল ফল পোৱা যায় আৰু গৃহস্থৰ মংগল হয়।

৫. হালধি (Turmeric) স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী মচলা। হালধিৰ বহু গুণৰ লগতে শুভ লক্ষণো আছে। শাস্ত্ৰ মতে, ভগৱান বিষ্ণুৰ হালধীয়া ৰং অতি প্ৰিয়। সেয়ে হালধী শেষ হোৱাৰ পূৰ্বে কিনি থ’ব লাগে।

GTM Desk