মানুহ দ্ৰুতভাৱে বাৰ্ধক্যজনিত কৱলত পৰিছে

মানুহ দ্ৰুতভাৱে বাৰ্ধক্যজনিত কৱলত পৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেণ্ডফ’ৰ্ট, টেক্সাছ আৰু মাছাছুচেটছ বিশ্ববিদ্যালয়, ইংলেণ্ডৰ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু ভাৰতৰ সত্যম বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত প্ৰকাশিত তথ্য অনুযায়ী আধুনিক মানৱ জীৱনত সামাজিক, পাৰিবাৰিক আৰু আৰ্থিক চাপ ইমানে বেছি বৃদ্ধি পাইছে যে জীৱনৰ আনন্দখিনিও উপভোগ কৰিবলৈ মানুহে সময় নোপোৱা হৈছে।

কানাডাৰ ভাংকুভাৰ বিশ্ববিদ্যালয়ৰ মনস্তত্ববিদ জিলি ডিকাৰজে মন্তব্য কৰিছে যে সমাজত স্বীকৃতি লাভৰ নিচাত মানুহে নিজকে পাহৰি গৈছে। প্ৰত্যেকেই বিচাৰে অধিক ধন, অধিক যশ আৰু অধিক সুখ, ইয়াত কিন্তু লিঙ্গ বৈষম্য নাই।

ভাৰতীয় মনস্তত্ববিদ অমিত আব্ৰাহাম আৰু হিমাট’ল’জিষ্ট ডেভিড বয়জে কয় যে বৰ্তমান সুখ শব্দটোৱেই অলীক। সুখ শব্দই আজি আৰু পাৰিবাৰিক শান্তি নুবুজায়।

এতিয়া অভিভৱকেও সন্তানৰ সৈতে একেলগে প্ৰতিযোগিতাৰ নিগনি দৌৰত ব্যস্ত হৈ পৰিছে। মাছাছুচেটছ বিশ্ববিদ্যালয়ৰ হৰমনবিষয়ক গৱেষক জি এছ ভট্টাচাৰ্য্যৰ মতে কেৱল দৌৰ, দৌৰ আৰু দৌৰ । এয়া এক ‘কমাৰ্চিয়েল ৰেচ’। দৌৰোঁতে দৌৰোঁতে মানৱ শৰীৰ যন্ত্ৰত পৰিণত হৈছে।

অত্যধিক চাপে মানৱ শৰীৰত অক্সিজেন প্ৰৱাহত তাৰতম্য ঘটাইছে, ফলত মানুহ দ্ৰূত বাৰ্ধক্যৰ কৱলত পৰিছে।।

GTM Desk

Related