ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!
Measuring waist close up

এটা বয়সৰ পাছত, শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হয়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। ওজন বৃদ্ধি হোৱাৰ লগে লগেই ভৰিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয় ।

গাঁঠিবোৰত আৰম্ভ হয় বিষ । বৃদ্ধি হোৱা ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।সেয়েহে ৬০ বছৰ বয়সৰ পাছতো, ওজন নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ।

কিন্তু এটা বয়সৰ পাছত, মানুহে ওজন হ্ৰাস কৰাৰ আশা প্ৰায় এৰি দিয়ে। ২০,৩০ আৰু ৪০ বছৰ বয়সৰ লোকসকলে যিমান পাৰে সিমান সহজে ওজন হ্ৰাস কৰিব পাৰে, ৬০ ৰ পাছত, ই যথেষ্ট কঠিন হৈ পৰে।

কাৰণ তেওঁলোকৰ বাবে অত্যাধিক কঠোৰ পৰিশ্ৰম কৰি ওজন হ্ৰাস কৰা সম্ভৱ নহয় । তেঁওলোকে এনে ব্যায়াম কৰিব নোৱাৰি য’ত তেঁওলোকৰ হাড়ৰ ওপৰত চাপ পৰে ।

কিন্তু ৬০ বছৰ পাছতো আপুনি ওজন হ্ৰাস কৰা সম্ভৱ। এই বয়সত কিছুমান সৰল ব্যায়ামে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব । সেইবোৰ হ’ল

(১) খোজ কঢ়া : এটা বয়সৰ পাছত, হঠাতে দৌৰিলে হাড়ৰ সংযোগস্থলত চাপ পৰিব পাৰে। আঘাত বা দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি হয়। কিন্তু খোজ কঢ়া তুলনামূলকভাৱে সুৰক্ষিত। খোজ কঢ়াটো এই বয়সত সৰ্বশ্ৰেষ্ঠ কাৰ্ডিঅ’ ব্যায়াম। প্ৰতিদিনে আধা ঘণ্টা খোজ কাঢ়িলে বহুতো শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

(২) পাইলেটছ : যিকোনো আঘাতত আৰোগ্য হোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে পাইলেটছ । নিয়মীয়া পাইলেটছ কৰিলে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি হয় আৰু লগতে ডিঙি-পিঠিৰ বিষৰ দৰে সমস্যা হ্ৰাস হয়।

(৩) বডীৱেট ৱৰ্কআউট : এটা বয়সৰ পাছত অতি গধুৰ ওজন উঠোৱাৰ ক্ষমতা হ্ৰাস হয় । কিন্তু বডীৱেট ৱৰ্কআউট সুৰক্ষিতভাৱে কৰিব পাৰি। স্কোয়াট, লাঞ্জেছ বা ক্ৰাঞ্চ নিয়মীয়াকৈ কৰিব পাৰি।

(৪) আহাৰৰ ওপৰত গুৰুত্ব দিয়ক : এই সময়ত, আহাৰৰ প্ৰতি অতিৰিক্ত মনোযোগ দিব লাগে। প্ৰ’টিন সমৃদ্ধ খাদ্যবোৰ আহাৰত উচ্চ ৰাখিব লাগে। আহাৰত যিমান কম চেনী আৰু চৰ্বিযুক্ত খাদ্য ৰাখে, সিমানেই ভাল।

(৫) পৰ্যাপ্ত টোপনি : ওজন হ্ৰাস কৰিবলৈ, আপুনি দিনে সাতৰ পৰা আঠ ঘণ্টা শুব লাগিব। অধিক বয়সত ওজন অতি দ্ৰুত কৰা কঠিন ! এই সময়ত লাহে লাহে ওজন হ্ৰাস কৰাই ভাল। বহুসময়ত বেলেগ ধৰণে চেষ্টা কৰাৰ পাছতো ওজন হ্ৰাস কৰা সম্ভৱ নহয়, তেনে ক্ষেত্ৰত, নিৰাশ নহ’ব, চেষ্টা অব্যাহত ৰাখক।

GTM Desk