কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা…

কাগজৰ কাপত চাহ খালে হ’ব পাৰে গুৰুতৰ শাৰীৰিক সমস্যা…

প্লাষ্টিকতকৈ কাগজৰ কাপৰ ব্যৱহাৰ অধিক সুৰক্ষিত বুলি ধাৰণা কৰিলেও বিশেষজ্ঞসকলে এইক্ষেত্ৰত কিন্তু বিপৰীত ভাষ্য আগবঢ়াইছে৷ খড়গপুৰ আই আই টিয়ে চলোৱা এক গৱেষণাত পোৱা তথ্য মতে কাগজৰ কাপত চাহ খালে শৰীৰত ইয়াৰ মাৰাত্মক প্ৰভাৱ পৰে৷ ফলস্বৰূপে গুৰুতৰ শাৰীৰিক সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷

খড়গপুৰ আই আই টিৰ বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ প্ৰস্তুত কৰোতে হাইড্ৰ’ফোবিক ফিল্ম ব্যৱহাৰ কৰা হয়৷ মূলতঃ চাহৰ উষ্ণতাই যাতে কাগজ তিয়াই নষ্ট কৰিব নোৱাৰে তাৰ বাবেই কাগজৰ কাপত হাইড্ৰ’ফোবিক ফিল্মৰ প্ৰলেপ দিয়া হয়৷ আৰু ইয়াৰ পৰাই মানৱদেহৰ ভয়ংকৰ ক্ষতি হোৱাৰ আশংকা থাকে৷ বিশেষজ্ঞসকলে লগতে এইবুলিও জনায় যে হাইড্ৰ’ফোবিক ফিল্ম মূলতঃ প্ৰস্তুত কৰা হয় প্লাষ্টিক আৰু অন্যান্য পলিমাৰৰ মিশ্ৰণেৰে৷

গৱেষণাত দেখা গৈছে যে কাগজেৰে প্ৰস্তুত কৰা কাপত ১০০ মিলিলিটাৰ চাহ ঢলাৰ কিছুসময়ৰ পাছতে তাত পঁচিশ হাজাৰ মাইক্ৰ’প্লাষ্টিক ভাঁহি উঠিবলৈ আৰম্ভ কৰে৷ এই মাইক্ৰ’প্লাষ্টিক লাহে লাহে চাহৰ সৈতে মিহলি হৈ যায়৷ খালী চকুত ধৰা নপৰা এনে মাইক্ৰ’প্লাষ্টিকত থাকে ক্ৰ’মিয়াম, কেডমিয়াম জাতীয় বিষাক্ত উপাদান৷ এই উপাদানসমূহে মানৱ শৰীৰৰ ভয়ংকৰ ক্ষতি সাধন কৰে৷
সেয়ে বিশেষজ্ঞসকলে কাগজৰ কাপ বৰ্জন কৰি পৰিৱেশ বান্ধৱ আন কোনো সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷

GTM Desk

Related