Advertisement

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে..

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে..

ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি কৰাৰ লগতে চিৰদিনলৈ বধিৰতা আনি দিব পাৰে৷ আজিৰ শিতানত হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰিব পৰা ক্ষতিকাৰক দিশসমূহ উল্লেখ কৰা হ’ল– [১] সঘনাই হেডফোন ব্যৱহাৰ কৰিলে শ্ৰৱণ শক্তি ৪০ৰ পৰা ৫০ ডেচিবললৈকে হ্ৰাস পায়৷ ফলত কৰ্ণপটহ বা কাণৰ পৰ্দাত কম্পনৰ সৃষ্টি হয়৷ [২] অত্যাধিক হেডফোনৰ ব্যৱহাৰে আঁতৰৰ শব্দ শুনাত সমস্যাৰ সৃষ্টি কৰে৷ এনে অভ্যাসে এজন লোকক চিৰদিনলৈ বধিৰতালৈ ঠেলি দিব পাৰে৷ [৩] দীৰ্ঘসময় হেডফোনেৰে গান শুনিলে কাণত সংক্ৰমণ হ’ব পাৰে৷ আনৰ হেডফোন ব্যৱহাৰ কৰাৰ পূৰ্বে ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ল’বলৈ নাপাহৰিব৷ [৪] হেডফোনেৰে উচ্ছ স্বৰৰ শব্দ বা সংগীত শুনাৰ অভ্যাসে এজন লোকৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায়৷ এনে অভ্যাসে মস্তিষ্কত চাপৰ সৃষ্টি কৰে৷ তদুপৰি এনে বদ অভ্যাসে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷ বিশেষজ্ঞসকলৰ মতে হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ আশংকা বঢ়ায়৷

আমাৰ অসম বিশেষঃ ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি কৰাৰ লগতে চিৰদিনলৈ বধিৰতা আনি দিব পাৰে৷ আজিৰ শিতানত হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰিব পৰা ক্ষতিকাৰক দিশসমূহ উল্লেখ কৰা হ’ল–

[১] সঘনাই হেডফোন ব্যৱহাৰ কৰিলে শ্ৰৱণ শক্তি ৪০ৰ পৰা ৫০ ডেচিবললৈকে হ্ৰাস পায়৷ ফলত কৰ্ণপটহ বা কাণৰ পৰ্দাত কম্পনৰ সৃষ্টি হয়৷

[২] অত্যাধিক হেডফোনৰ ব্যৱহাৰে আঁতৰৰ শব্দ শুনাত সমস্যাৰ সৃষ্টি কৰে৷ এনে অভ্যাসে এজন লোকক চিৰদিনলৈ বধিৰতালৈ ঠেলি দিব পাৰে৷

[৩] দীৰ্ঘসময় হেডফোনেৰে গান শুনিলে কাণত সংক্ৰমণ হ’ব পাৰে৷ আনৰ হেডফোন ব্যৱহাৰ কৰাৰ পূৰ্বে ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ল’বলৈ নাপাহৰিব৷

[৪] হেডফোনেৰে উচ্ছ স্বৰৰ শব্দ বা সংগীত শুনাৰ অভ্যাসে এজন লোকৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায়৷ এনে অভ্যাসে মস্তিষ্কত চাপৰ সৃষ্টি কৰে৷ তদুপৰি এনে বদ অভ্যাসে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷ বিশেষজ্ঞসকলৰ মতে হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ আশংকা বঢ়ায়৷

Shahnawaz Hamza

Related