Advertisement

চকুৰ পতা কঁপিছে! কোনো বিপদৰ আগজাননী নহয়তো…

চকুৰ পতা কঁপিছে! কোনো বিপদৰ আগজাননী নহয়তো…

বাওঁ চকুৰ পতা কঁপা মানেই হয়তো কোনো ভয়ংকৰ বিপদৰ আগজাননী– এই চিন্তাতে আৰম্ভ হয় বহুতোৰে অস্থিৰতা৷ একেদৰে সোঁ-চকুৰ অংশ কঁপিলে বহুতেই স্বস্তিৰ নিশ্বাস এৰে৷ হয়তো কোনো সু-সংবাদৰ আগজাননী৷ আচলতে ইয়াৰ সত্যতা কিমান? চকুৰ পতা যেতিয়া কঁপি থাকে সি সোঁ বা বাওৱেই হওক ইয়ে কি ইংগিত বহন কৰে? চিকিৎসা বিজ্ঞানে কিন্তু এই কথা মানি নলয়৷ চিকিৎসা বিজ্ঞানৰ মতে মূলতঃ পেশীৰ সংকোচনৰ বাবেই চকুৰ পতা এনেকৈ কঁপি থাকে৷ মানসিক চাপে আমাৰ শৰীৰত নানা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে৷ সমান্তৰালকৈ ইয়াৰ বিভিন্ন পাশ্বৰ্ক্ৰিয়াও দেখা যায়৷¸ এই পাশ্বৰ্ক্ৰিয়াৰ সংকেতেই হ’ল চকুৰ পতা লৰচৰ কৰা৷ তেনেহ’লে আমি ভাবিব পাৰো নেকি যে মানসিক চাপৰ বাবেই চকুৰ পতা কঁপি থাকে! যিসকলৰ এলাৰ্জিজনিত সমস্যা আছে তেওঁলোকৰো বহু সময়ত চকুৰ পতা কঁপি উঠে৷ এলাৰ্জিজনিত সমস্যাৰ কাৰণে চকুপানীৰ সৈতে ‘হিষ্টামিন’ নিৰ্গত হয়৷ যাৰ কাৰণে চকুৰ পতা কঁপি থাকে৷

চিকিৎসাবিদসকলৰ মতে– যিসকলে মেগনেচিয়ামৰ অভাৱত ভুগিছে তেওঁলোকে এই সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সেয়েহে শীঘ্ৰে চিকিৎসকৰ শৰণাপন্ন হোৱা উচিত৷ অপৰ্যাপ্ত টোপনিয়ে আমাৰ শৰীৰত নানা ব্যাঘাতৰ সৃষ্টি কৰে৷ একেদৰে অতিৰিক্ত পৰিশ্ৰমৰ বাবে আমি প্ৰচণ্ড ক্লান্তি অনুভৱ কৰো৷ এই দুয়োটা কাৰণতে আমাৰ চকুৰ পতা কঁপি থাকে৷ অতিৰিক্ত এলকহল আৰু কেফেইন ব্যৱহাৰ, দীৰ্ঘসময় ধৰি ম’বাইল ফোন ব্যৱহাৰ, টিভিৰ ষ্ক্ৰীণলৈ দীৰ্ঘসময় চাই থকা আদি অভ্যাস যিসকলৰ আছে তেওঁলোকৰ চকুৰ পতা কঁপি থাকে৷

Shahnawaz Hamza

Related