Advertisement

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব…

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব…

পৃথিৱীত এনে এগৰাকী মহিলা হয়তো পোৱা নাযায় যে পইতাচোৰাক ভয় নকৰে বা পইতাচোৰা দেখিলেই অস্বস্তিত নপৰে৷ বহু মহিলাই পইতাচোৰাক যিমান ভয় কৰে সাপকো হয়তো সিমান ভয় নকৰে৷ আপাতঃদৃষ্টিত এইবিধ প্ৰাণী নিৰীহ যেন লাগে যদিও মানুহৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ জাৱৰ-জোথৰৰ মাজত থকা পইতাচোৰাই বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু কঢ়িয়াই ফুৰে৷ বিভিন্ন ৰোগৰ বীজাণু কঢ়িয়াই ফুৰা পইতাচোৰা খাদ্য সামগ্ৰীৰ সংস্পৰ্শলৈ আহি মানুহৰ দেহৰ ক্ষতি কৰে৷ গতিকে আমাৰ ঘৰৰ পৰা পইতাচোৰা আঁতৰ কৰাটো অতি জৰুৰী৷ পইতাচোৰা আঁতৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰো৷ ঔষধৰ গাঢ়তা হ্ৰাস পোৱাৰ পাছত পুনৰ আগৰ দৰে অৱস্থা হয়৷ পইতাচোৰা আঁতৰ কৰিবলৈ এইকেইটা ব্যৱস্থা লওকচোন, সুফল নিশ্চয় পাব–

পইতাচোৰাই বেকিং বা চোডাৰ গোন্ধ একেবাৰে সহ্য কৰিব নোৱাৰে৷ পইতাচোৰা ঘৰৰ পৰা দূৰ কৰিবলৈ চেনি আৰু সমপৰিমাণৰ বেকিং মিহলি কৰি ঘৰৰ চুকে-কোণে ছটিয়াই দিয়ক৷ চেনিৰ গোন্ধত আকৃষ্ট হৈ পইতাচোৰাই বেকিং মিহলি চেনি খাই পেলাব৷ বেকিং মিহলি চেনি খোৱাৰ কিছুসময় পাছতে মৰি যাব আপোনাৰ-মোৰ ঘৰত সন্ত্ৰাসৰ কাৰণ হৈ পৰা পইতাচোৰা৷ সপ্তাহত দুদিন এনে কৰিলে পইতাচোৰাৰ উপদ্ৰপৰ পৰা মুক্তি পাবই পাব৷

পইতাচোৰা ঘৰৰ পৰা আঁতৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে বৰিক পাউদাৰ৷ এক চামুচ বৰিক পাউদাৰ, দুইচামুচ ময়দা বা আটা আৰু এক চামুচ কোকো পাউদাৰ মিহলি কৰি ঘৰৰ চুকে-কোণে চটিয়াই দিয়ক৷ এই মিশ্ৰণৰ গোন্ধত আকৃষ্ট হৈ পইতাচোৰাই মিশ্ৰণখিনি খাই নিমিষতে মৃত্যুমুখত পৰিব৷

পইতাচোৰা ঘৰৰ পৰা আঁতৰ কৰাৰ অন্যতম উপায় হৈছে ঘৰৰ চুক-কোণ পৰ্যন্ত পৰিষ্কাৰকৈ ৰখা৷ বাচন-বৰ্তন, খাদ্য গ্ৰহণৰ পাছতেই ধুই শুকুৱাই ৰখা, দুৱাৰ-খিৰিকি পৰিষ্কাৰ কৰি ৰাখিলে, খাদ্য সামগ্ৰী ঢাকনি থকা পাত্ৰত ৰাখি ঢাকনি মাৰি থ’লে কোনো কাৰণতে আপোনাৰ ঘৰলৈ নাহে পইতাচোৰা৷

Shahnawaz Hamza

Related