সোনকালে ওজন কমাবৰ বাবে এইকেইটা ব্যায়াম কৰক

সোনকালে ওজন কমাবৰ বাবে এইকেইটা ব্যায়াম কৰক

ওজন কমাবৰ বাবে আজিকালি বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ওলাইছে যদিও কেইটামান সহজ ব্যায়াম কৰিলেই কম সময়তে ওজন কমাব পাৰি৷ বহুসংখ্যক লোকে ওজন কমাবৰ বাবে বিশেষকৈ ডায়েট নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে৷ যাৰ বাবে খাদ্য খোৱাৰ পৰিমাণ হঠাতে কমাই দিয়ে৷ এইদৰে ডায়েট নিয়ন্ত্ৰণৰ পাছতো ওজন হ্ৰাস নাপালে উদ্বিগ্নতাত ভোগে৷ কিন্তু ওজন হ্ৰাস কৰাৰ বাবে কেইটামান বিশেষ নিয়ম আছে৷ এই কেইটা ব্যায়াম কৰিলেই ওজন হ্ৰাস পোৱাৰ লগতে মেদবহুলতাৰ পৰাও ৰক্ষা পৰিব৷

১/ স্কিপিংঃ সাধাৰণতে  পিকনিক আদিলৈ গ’লে জাম্পিং ৰোপ কৰি স্ফূৰ্তি কৰা হয় যদিও ইও এক স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ব্যায়াম৷ এনেদৰে পোন্ধৰ মিনিটমান স্কিপিং কৰিলে শৰীৰৰ কেলৰি হ্ৰাস পায়৷ এইদৰে ওজন নিয়ন্ত্ৰণৰ বাবে নিয়মীয়াকৈ স্কিপিং কৰিলে কম সময়তে ভাল ফল আশা কৰিব পাৰি৷

২/ বক্সিংঃ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে বক্সিং এক উপযোগী ব্যায়াম৷ বক্সিং কৰাৰ ফলত হাত-ভৰিৰ শক্তি বৃদ্ধি পোৱাৰ লগতে পেশীবোৰ শিথিল হৈ পৰে৷ এক ঘণ্টা পান্সিংবেগৰ সহায়ত বক্সিং মাৰিলে প্ৰায় ৫২৫ কেলৰি বাৰ্ণ হয়৷ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত বক্সিং এক উপযোগী ব্যায়াম৷

৩/ ষ্টেয়াৰ এক্সাৰচাইজঃ সাধাৰণতে মানুহে দুই-তিনি মহলাৰ ঘৰত থাকিলেও লিফ্‌টৰ ব্যৱস্থা কৰে৷ কিন্তু লিফ্‌ট পৰিহাৰ কৰি চিৰি বগোৱাৰ অভ্যাস গঢ়ি তুলিলে স্বাস্থ্যৰ বাবে অত্যন্ত ভাল৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ষ্টেয়াৰ এক্সাৰচাইজ উত্তম৷ এটা ছিৰিত উঠানমা কৰিলে তাৎক্ষণিকভাৱে কেলৰি বাৰ্ণ হয়৷

৪/ কেটলবেল এক্সাৰচাইজঃ যি সকলে ব্যায়াম কৰাৰ বাবে কোনো জিমলৈ যোৱাটো পছন্দ নকৰে তাৰ পৰিৱৰ্তে ঘৰত থাকিয়েই শৰীৰ চৰ্চা কৰিবলৈ বিচাৰে, তেওঁলোকে কেটলবেল এক্সাৰচাইজ কৰিব পাৰে৷ এই ব্যায়ামৰ ফলত প্ৰতি মিনিটত ২০ কেলৰি বাৰ্ণ হয় আৰু শৰীৰ ওজন স্বাভাৱিক অৱস্থালৈ আহে৷

GTM Desk