সূৰুযৰ কিৰণত স্বাস্থ্যৰ বতৰা!

সূৰুযৰ কিৰণত স্বাস্থ্যৰ বতৰা!

শৰীৰত ‘ভিটামিন ডি’ৰ অভাৱৰ বাবে আমাৰ হাডসমূহ দুবল হয়৷ ডিঙিৰ পাছফালে আৰু গাঁঠিসমূহত বিষ হ’লৈ ধৰে৷ ৰোগীয়ে বিষ উপশমকাৰী ঔষধ খায় যদিও, স্থায়ী সমাধান লাভ নকৰে৷ বৰঞ্চ বিষ উপশমকাৰী ঔষধসমূহ নিয়মিত খোৱাৰ ফলত বৃক্ক বিকল, যকৃত বিকাৰ আদি সমস্যাই দেখা দ্বি পাৰে৷ এজন সুস্থ ব্যক্তিৰ ৰক্তত ৩০ৰ পৰা ১০০ মাইক্রো ইউনিট ভিটামিন ডি থাকে৷ ইয়াৰ স্তৰ হ্রাস পোৱাৰ ফলত ব্যক্তিৰ শাৰীৰিক পীডা আৰম্ভ হয়৷ শৰীৰত ভিটামিন ডিৰ মাত্রা ১০ মাইক্রো ইউনিট কম হোৱাৰ ফলত ব্যক্তিৰ হাড নিজে নিজে ভাগ্বি ধৰে৷ ভিটামিন ডি কম হোৱা ৰোগীৰ ক্ষেত্রত ১০০জন ৰোগীৰ ভিতৰত ৬০গৰাকী মহিলা আৰু ৪০গৰাকী পুৰুষ থাকে৷ বহু সময় ধৰি যান–বাহনৰ ভিতৰত থকা বা শীত তাপ নিয়ন্ত্রিত কক্ষত বহু সময় ধৰি থকাৰ অভ্যাসে ভিটামিন ডিৰ অভাৱ সৃষ্টি কৰাৰ সম্ভাৱনা প্র্বল কৰে৷ বিভিন্ন গৱেষণাত প্রমাণিত হৈছে যে সূর্যস্নানৰ পৰা পোৱা ‘ভিটামিন ডি’ এ ডিপ্রেছনৰ পৰা ৰক্ষা পোৱাত সহায় কৰে৷
প্রাকৃতিক চিকিৎসা বিজ্ঞানত ‘সূর্যস্নান’ এক মহত্ত্বপূর্ণ সোপান৷ নিতৌ শুদা ভৰিৰে সূর্যভিমুখ হৈ খুব পুৱাতে খোজকাঢ়্বি লাগে৷ কেঁচা ৰাস্তাত খোজকাঢ়্বি পাৰিলে ভাল৷ নোৱাৰিলেও খেতিপথাৰত খোজকাঢ়্বি পাৰে৷ নিতৌ কমেও তিনি কিলোমিটাৰ খোজকাঢ়্বি পাৰিলে ভাল৷
‘সূর্যস্নান’ প্রকৃতিৰ অনুপম বৰদান৷ ‘সূর্যস্নান’ৰ উপকাৰিতা বর্ণনা কৰি শেষ কৰিব নোৱাৰি৷ ‘সূর্যস্নান’ৰ কেইটিমান উপকাৰিতা তলত উল্লেখ কৰা হ’ল–
– জঠৰাগ্নি প্রদীপ্ত কৰে
– ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয়
– পজিটিভ হৰম’ন নিঃসৰণ হয়
– কলেষ্টেৰলৰ মাত্রা কম হয়৷
সকলো কথাতে অতিমাত্রা ঠিক নহয়৷ ‘সূর্যস্নানো’ অতি হ’লে বিবিধ প্রতিকূল পৰিস্থিতিৰ সৃষ্টি হয়, যেনে– চর্ম এলার্জী, ডিহাইড্রেচন, ছালৰ কর্কট, চকুৰ সমস্যা আদি৷
যদি আপুনি সূর্যৰ কিৰণৰ প্রতি েবছি সংবেদনশীল, তেন্তে সূর্য কিৰণৰ ফালে মুখ দি বহাৰ পৰিৱর্তে পিঠি দি বহ্বি৷ সূর্যস্নান কৰিয়েই ঠাণ্ডা পানীৰে গা নুধুব আৰু সেইদৰে পানীৰে স্নান কৰি লগে লগে সূর্যস্নান নকৰিব৷

GTM Desk

Related