সন্তানক খাবলৈ দিওঁতে অভিভাৱকসকল সাৱধান হওঁক…

সন্তানক খাবলৈ দিওঁতে অভিভাৱকসকল সাৱধান হওঁক…

ফাষ্টফুড, পেকেটজাতীয় খাদ্যৰ প্ৰতি শিশুসকলৰ আসক্তি বেছি।এইসমূহ খাদ্য খাবলৈ তেওঁলোক আকোৰগোজ হৈ পৰে। যাৰ বাবে অভিভাৱকেও তেওঁলোকক এনে খাদ্য যোগান ধৰিবলৈ বাধ্য হয়। কিন্তু আমি জ্ঞাতেই হওঁক বা অজ্ঞাতেই হওঁক, তেওঁলোকক এনে খাদ্য খুৱাই আছো, যি তেওঁলোকৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক। অভিভাৱকসকলে শিশুক খাবলৈ দিয়া টেমা-পেকেটৰ খাদ্যবোৰত অত্যাধিক পৰিমাণৰ নিমখ, চেনী আৰু সংৰক্ষক উপাদান ব্যৱহাৰ কৰা হয়।যি স্বাস্থ্যৰ পক্ষে অতি মাৰাত্মক।

বেয়া খাদ্যৰ প্ৰতি আসক্ত হৈ পৰিছে শিশুসকল

টেমাত থকা, ক্ষন্তেকতে সাজু হোৱা, ফ্ৰ’জেন আৰু পেকেটযুক্ত খাদ্যক সংসাধিত খাদ্য বুলি কোৱা হয়। প্ৰকৃততে এই খাদ্যবোৰ অতি সোৱাদযুক্ত। যাৰ বাবে আমি সকলোৱে এই বেয়া খাদ্যৰ সৈতে সহজে অভ্যস্ত হৈ পৰো। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই খাদ্যসমূহে শিশুৰ শৰীৰত কিদৰে প্ৰভাৱ পেলায় ? এই খাদ্যসমূহে শিশুৰ কিডনীত অত্যন্ত বেয়া প্ৰভাৱ পেলায়।

এতিয়াৰ পৰাই শিশুৰ অভ্যাস সলনি কৰক

অত্যাধিক খোৱা, মেদবহুলতা, অলসতা আৰু মনোযোগৰ অভাৱ আদি সমস্যাবোৰ সংসাধিত খাদ্য খোৱাৰ ফলত হয়। শিশুৱে তেওঁলোকৰ বাবে কি খোৱাটো ভাল বা কি বেয়া সেয়া নাজানে। যাৰ বাবে তেওঁলোকে এই খাদ্যবোৰ অতি আনন্দেৰে খায়। সেয়েহে মাতৃসকলে শিশুৰ খাদ্যৰ বিশেষ যত্ন ল’ব লাগে যাতে তেওঁলোকৰ সন্তান এই সকলোবোৰ খাদ্যৰ পৰা আঁতৰি থাকে।আনহাতে, যদি আপোনাৰ সন্তান এই খাদ্যৰ প্ৰতি আসক্ত হৈ পৰিছে তেনেহ’লে আপুনি এই সামগ্ৰীবোৰ ঘৰলৈ অনাটো বন্ধ কৰক।

স্বাস্থ্যকৰ বিকল্প

১) ফ্ৰজেন পিজ্জা খোৱাৰ সলনি ঘৰত তৈয়াৰ কৰা সতেজ পিজ্জা খুৱাব।

২) সন্তানৰ টিফিনত শুকান ফল, তেওঁলোকৰ প্ৰিয় ফল আৰু চালাড দিব।

৩) বজাৰত উপলদ্ধ পানীয়তকৈ ঘৰত বনোৱা নেমু পানী খুৱাব।

৪) কৰ্ণ ফ্লেক্সৰ সলনি ৰাতিপুৱাৰ আহাৰত ওটমিল আৰু ফল অন্তৰ্ভুক্ত কৰিব।

৫) বিস্কুটৰ সলনি ঘৰতে পিঠা-পনা বনাই দিব।

৬) কেফেইনযুক্ত চাহ-কফি সৰু ল’ৰা-ছোৱালীক একেবাৰেই নিদিব।

GTM Desk

Related