Advertisement

এই ৫টা উপসৰ্গ দেখা দিলে বুজিব গল ব্লাডাৰত পাথৰ হৈছে…

এই ৫টা উপসৰ্গ দেখা দিলে বুজিব গল ব্লাডাৰত পাথৰ হৈছে…

মানুহৰ কৰ্মব্যস্ত জীৱনত সময়ৰ লগত দৌৰোতে কিছুমান ৰোগৰ প্ৰকোপ বাঢ়িছে৷ তাৰে ভিতৰত গল ব্লাডাৰ ষ্টোনৰ সমস্যাও এটা৷ বিভিন্ন বয়সৰ মানুহে এই সমস্যাত ভোগে৷ এই ৰোগৰ মূল উপসৰ্গ হ’ল পেটৰ বিষ৷ নিয়মিত পেটৰ বিষে এই কথাৰ জাননী দিয়ে যে গল ব্লাডাৰত পাথৰ জমা হৈছে৷

কি কাৰণে গল ব্লাডাৰত পাথৰ জমা হ’ব পাৰে?

[১] অনেক সময় খালী পেটে থাকিলে গল ব্লাডাৰ হোৱাৰ সম্ভাৱনা থাকে৷

[২] ওজন বৃদ্ধি পালে গল ব্লাডাৰৰ ওপৰত চাপ পৰে৷ এই কাৰণেও অনেক সময়ত গল ব্লাডাৰত পাথৰ জমা হয়৷

[৩] চল্লিশ বছৰৰ পাছত এই ৰোগৰ আশংকা বেছি৷ সেয়ে চল্লিশৰ ওচৰ-ওচৰি সময়ত পানী খোৱাটো অতি জৰুৰী৷

[৪] ডায়েবেটিছ থাকিলে সতৰ্ক হ’ব লাগে৷ কাৰণ এই ৰোগত আক্ৰান্তসকলৰ গল ব্লাডাৰ পাথৰ জমা হোৱাৰ আশংকা বেছি৷

[৫] বংশগত ৰোগ থাকিলে সাৱধান হোৱাটো ভাল৷ কাৰণ পাৰিবাৰিকভাৱেও এজনৰ পৰা আন এজনৰ শৰীৰলৈ ই যাব পাৰে৷

কি কি উপসৰ্গই জাননী দিয়ে যে আপুনি গল ব্লাডাৰত আক্ৰান্ত

[১] গল ব্লাডাৰত পাথৰ হ’লে মাংস বা তেল-মচলাযুক্ত খাদ্য খালে পেটত তীব্ৰ যন্ত্ৰণা হয়৷ লগতে বমিও হ’ব পাৰে৷

[২] মাজে মাজে কঁপনি জ্বৰ উঠে আৰু পেটৰ বিষো অনুভৱ হয়৷

[৩] গল ব্লাডাৰত পাথৰ জমা হ’লে পেটৰ সোঁফালে বিষ অনুভৱ হয় আৰু এই বিষ কান্ধ পৰ্যন্ত পায়গৈ৷

[৪] প্ৰস্ৰাৱৰ ৰং দেখিও সতৰ্ক হ’ব পাৰি৷ গাঢ় হালধীয়া ৰঙৰ প্ৰস্ৰাৱ হ’লে বুজিব লাগিব গল ব্লাডাৰত পাথৰ হৈছে৷

[৫] গল ব্লাডাৰত পাথৰ হ’লে অনেকৰেই জণ্ডিছৰ দৰে ৰোগত আক্ৰান্ত হয়৷ জণ্ডিছ হ’লেও সতৰ্ক হোৱাটো ভাল৷

Shahnawaz Hamza

Related