ডায়বেটিছ ৰোগীয়ে ওজন কিদৰে কমাব?

ডায়বেটিছ ৰোগীয়ে ওজন কিদৰে কমাব?

ডায়বেটিছ ৰোগীৰ মেদবহুলতা হৈছে এটা সাধাৰণ সমস্যা। পেটৰ মেদবহুলতাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। তদুপৰি ডায়বেটিছ আৰু মেদবহুলতাৰ বাবে হৃদৰোগ, হাৰ্ট এটেক, স্নায়ু আৰু বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে।

মেদবহুলতা বৃদ্ধিৰ মূল কাৰণ হ’ল জিনীয় কাৰক, উদ্যোগীকৰণ আৰু প্ৰব্ৰজনৰ পৰা পৰিৱেশ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন ইত্যাদি। আপুনি যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেন্তে কিদৰে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব জানো আহক-

১/ ৰিফাইন, চেনি, মিঠাই, শীতল পানীয় আৰু জুচৰ দৰে কাৰ্বহাইড্ৰেট পৰিহাৰ কৰিব লাগে, যাৰ ফলত ৰক্ত শৰ্কৰাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। বগা চাউল, ৰুটি, পিজ্জা, পেষ্ট্ৰি আদি কমকৈ ব্যৱহাৰ কৰক।

২/ উচ্চ আঁহযুক্ত খাদ্য যেনে গোটা শস্য, দালি আৰু মাহজাতীয় শস্য, বাদাম, ফলমূল, শাক-পাচলি, লিনচিড গুটি, মেথি গুটি, অটমিল আদি অন্তৰ্ভুক্ত কৰিব লাগে। উচ্চ আঁহযুক্ত খাদ্যই তৃপ্তিৰ সৃষ্টি কৰে আৰু ফলস্বৰূপে খাদ্য গ্ৰহণ হ্ৰাস কৰে, যিয়ে পাছলৈ ওজন হ্ৰাস কৰাত সহায় কৰে।

৩/ বাহিৰা খাদ্য পৰিহাৰ কৰিব লাগে। বজাৰৰ পৰা ক্ৰয় কৰা খাদ্যৰ সলনি ঘৰতে ৰন্ধা খাদ্য খাওক। ইয়াৰ দ্বাৰা কেৱল ৰক্তশৰ্কৰাই নহয় হাইড্রজেনেটেড অইল/ভেজিটেবল অইল কম কৰাত সহায় হ’ব আৰু হৃদৰোগৰ সম্ভাৱনাও হ্রাস পাব।

৪/ নিয়মীয়াকৈ ব্যায়ম কৰিব লাগে। শাৰীৰিক কাৰ্যকলাপে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, সপ্তাহত কমেও ১৫০ মিনিট ব্যায়াম কৰিব লাগে।

GTM Desk