চকুত এইসমূহ অসুবিধাই দেখা দিলে সাৱধান হ’ব

চকুত এইসমূহ অসুবিধাই দেখা দিলে সাৱধান হ’ব
Blue eyes and perfect shapes of eyebrows. Close up faceof beautiful young girl looking at camera. Concept of cosmetics, makeup, natural and eco treatment, skin care. Eye lash correction and extension. Details.

ডায়েবেটিচৰ সমস্যাটো সম্প্ৰতি একেবাৰে সচৰাচৰ হৈ পৰিছে। ভাৰতৰ আধিকাংশ লোকেই এই দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি আছে। শৰীৰত গ্লুুকোজৰ স্তৰ বৃদ্ধিৰ ডায়েবেটিচ ৰোগত আক্ৰান্ত হ’বলগীয়া হয়।যেতিয়া ডায়েবেটিচৰ সমস্যা হয়, ৰোগীৰ শৰীৰে ইনচুলিন প্ৰস্তুত কৰাৰ ক্ষমতা হেৰুৱায়।

ইনচুলিন হৈছে এক হৰমন, যি সাধাৰণতে অগ্ন্যাশয়ৰ পৰা মুকলি হয়। ই গ্লুুক’জক শৰীৰৰ কোষত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে, য’ত ইয়াক শক্তিৰ বাবে ব্যৱহাৰ কৰা হয়।টাইপ ১ ডায়বেটিচত অগ্ন্যাশয়ত ইনচুলিন প্ৰস্তুত নহয়। টাইপ ২ ডায়বেটিচত অতি কম পৰিমাণে ইনচুলিন প্ৰস্তুত হয়। শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বাহাল ৰাখিবলৈ উচ্চ পৰিমাণৰ ইনচুলিনৰ প্ৰয়োজন।

আনহাতে, এনে বহুলোক আছে যিয়ে নাজানে যে তেওঁলোকৰ ডায়েবেটিচৰ সমস্যা আছে।তেওঁলোকৰ শৰীৰত এই ৰোগৰ লক্ষণে দেখা দিয়ে যদিও তেওঁলোকে এই লক্ষণবোৰলৈ মন নিদিয়ে।হয়, এই ৰোগত আক্ৰান্ত হ’লে আপুনি আপোনাৰ চকুতেই ইয়াৰ লক্ষণ দেখিবলৈ পাব।চকুৰ কি সমস্যা হ’লে আপুনি ডায়েবেটিচত আক্ৰান্ত বুলি নিশ্চিত হ’ব, আজি জানো আহক-

অস্পষ্ট দৃষ্টি

যদি আপুনি চকুৰে অস্পষ্ট দেখা পায়, তেনেহ’লে ই ডায়েবেটিচৰ লক্ষণ হ’ব পাৰে। ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি এই সমস্যাটো নিৰাময় কৰিব পাৰি।আপোনাৰো যদি এনে সমস্যা হয়, সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

চকুৰ ছানি পৰা

ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত চকুত ছানি পৰাৰ সমস্যা অতি সোনকালে আৰম্ভ হয়।ই ডায়েবেটিচৰ এক লক্ষণ। ডায়েবেটিচত আক্ৰান্ত হোৱাৰ পাছতো বিভিন্ন চকুৰ বিভিন্ন সমস্যাই দেখা দিয়ে।

গ্লুুক’মা

গ্লুুক’মা তেতিয়া হয়, যেতিয়া বিভিন্ন পদাৰ্থ চকুৰ পৰা ওলাই আহিব নোৱাৰে। ই চকুৰ ওপৰত চাপ দিয়ে। ইয়াৰ ফলত চকুৰ স্নায়ু আৰু ৰক্ত কোষৰ ক্ষতি হয় আৰু ফলত দেখাত সমস্যাৰ সৃষ্টি হয়। ডায়েবেটিক ৰোগীৰ ক্ষেত্ৰত গ্লুুক’মা হোৱাৰ আশংকা বহুত বেছি। এনে পৰিস্থিতিত, যদি আপুনি মূৰৰ বিষ, চকুৰ বিষ, অস্পষ্ট দৃষ্টি বা পানীযুক্ত চকুৰ সমস্যাৰ সন্মুখীন হয়, তেনেহ’লে ই গ্লুুক’মা তথা ডায়েবেটিচৰ কাৰণ হ’ব পাৰে।সেয়েহে, আপুনি ইয়াৰ পৰীক্ষা লগে লগে কৰাটো খুবেই জৰুৰী।

ডায়েবেটিক ৰেটিন’পেথি

ডায়েবেটিক ৰেটিন’পেথিও ডায়েবেটিচ ৰোগ এক অন্যতম লক্ষণ। এই ৰোগে ৰক্ত শৰ্কৰাত ভুগি থকা ব্যক্তি এজনৰ ৰেটিনা প্ৰভাৱিত কৰে।ডায়েবেটিক ৰেটিন’পেথি ৰেটিনালৈ তেজ কঢ়িয়াই অনা অত্যাধিক পাতল শিৰাবোৰৰ ক্ষতিৰ ফলত হয়। যদি ইয়াক সময়মতে চিকিৎসা কৰা নহয়, তেনেহ’লে ব্যক্তিজন অন্ধ হোৱাৰ সম্ভাৱনা খুবেই বেছি হয়।

GTM Desk

Related