17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

আমাৰ শৰীৰৰ বাবে সূৰ্য্যৰ ৰশ্মিৰ উপকাৰিতাসমূহ!

Assamese Newsআমাৰ শৰীৰৰ বাবে সূৰ্য্যৰ ৰশ্মিৰ উপকাৰিতাসমূহ!

ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰ’দৰ পোহৰে আমাৰ শৰীৰক উষ্ণতা প্ৰদান কৰাই লগতে ভিটামিন ডি প্ৰদান কৰে। ঋতু যিয়েই নহওক কিয়, কোনো ঋতুতে ৰ’দৰ গুৰুত্ব কমি নাযায়। বিশেষকৈ শীতকালত ৰ’দৰ গুৰুত্ব বহুগুণে বৃদ্ধি পায় কিন্তু বেলিৰ পোহৰ কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী নহয়; ছালৰ বাবেও ই আশীৰ্বাদতকৈ কম নহয়। ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰত ভিটামিন ডি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। যিয়ে স্বাস্থ্যৰ লগতে ছাললৈও বহু উপকাৰ কঢ়িয়াই আনে।

প্ৰতিদিনে ৰাতিপুৱা আধা ঘণ্টা ৰ’দত বহি থাকিলে শৰীৰত বৃহৎ পৰিমাণে শ্বেত ৰক্ত কণিকা গঠন হয়। যিবোৰে ৰোগ সৃষ্টিকাৰী কাৰকৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। এনেধৰণৰ বহু গুণ ৰাতিপুৱা সূৰ্য্যৰ ৰশ্মিত পোৱা যায়; যাৰ শক্তিৰ দ্বাৰা শৰীৰত যিকোনো ধৰণৰ সংক্ৰমণৰ প্ৰভাৱ কমোৱাৰ ক্ষমতা থাকে। ৰাতিপুৱা সূৰ্যৰ পোহৰ গ্ৰহণ কৰিলে কি কি উপকাৰীতা আছে তাৰে কেইটামান মূখ্য লাভালাভ তলত উল্লেখ কৰা হ’ল।

১) ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি তোলে
যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা সূৰ্যৰ প্ৰথম ৰশ্মি ওলোৱাৰ লগে লগে আধা ঘণ্টা ৰ’দত বহি থাকে তেন্তে ইয়াৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি হ’বলৈ আৰম্ভ হয় ৷ আচলতে ৰাতিপুৱাৰ ৰ’দত বহি থাকিলে তেজৰ সঞ্চালন উন্নত হয়, যাৰ বাবে ছালখন জিলিকি উঠিবলৈ আৰম্ভ কৰে।

২) পিম্পলছৰ পৰা হাত সাৰিব পাৰি
কিশোৰ সময় পাৰ হৈ যোৱাৰ সময়ত হৰম’নৰ পৰিৱৰ্তন হোৱাটো এটা প্ৰধান সমস্যা, যাৰ বাবে মুখত পিম্পলছ আৰু ব্ৰণ বেছি হয় এনে অৱস্থাত ৰাতিপুৱাৰ প্ৰথম সূৰ্য্যৰ পোহৰ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

৩) একজিমাৰ পৰা মুক্তি পাব- পাৰি
যদি আপুনি একজিমাৰ সমস্যাৰ সৈতে যুঁজি আছে তেন্তে ই এনেকুৱা এটা ছালৰ সমস্যা যে ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি মাত্ৰ ৩০ মিনিট মান ৰাতিপুৱাৰ ৰ’দত বহক আৰু একজিমাৰ পৰা যথেষ্ট আৰাম পাব পাৰে৷

৪) Fresh Look
যেতিয়া সূৰ্য্যৰ প্ৰথম ৰশ্মি ছালত পৰে তেতিয়া তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়। অক্সিজেনৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে ছালখন সতেজ দেখা যায় আৰু প্ৰদাহ কমি যায়। কেৱল এয়াই নহয়, ছালৰ উজ্জ্বলতাও বৃদ্ধি হোৱা দেখা যায়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!