Advertisement

পত্নীৰ মূল্য নিদিয়া সকলে অলপ পঢ়ক…

পত্নীৰ মূল্য নিদিয়া সকলে অলপ পঢ়ক…

মাক- তই কিয় ঘৈণীয়েৰলৈ ইমান ভয় কৰ’ ??
পুতেক- মই ভয় নকৰো তেওঁক সন্মান আৰু মৰম কৰো,
মাক-ঘৈণীৰ গোলাম, তাৰমানে বাকীবোৰ সম্পৰ্কৰ কোনো মূল্য নাই ???
পুতেক- চোৱা মা, মা দেউতাৰ সম্পৰ্ক সম্বন্ধ নহয়, তেওঁলোক ভগৱান হয় সেয়ে সেই সম্বন্ধক পালন ক’ৰা নহয় পূজা কৰা হয়।
দাদা,বাইদেউ,ভাই,ভন্টী জন্মগত হয়, আৰু বন্ধুত্বৰ সম্বন্ধ বোৰ স্বাৰ্থৰে হয়। কিন্তু পত্নী, আনৰ বাবে নিজৰ সকলো এৰি আহে আৰু সুখ দুখ প্ৰতিক্ষণতে আমাৰ লগতে জীৱনৰ অন্তিম সময়লৈকে পাৰ ক’ৰে। পত্নী মাথোঁ এটা সম্বন্ধ নহয় সম্বন্ধৰ ভাণ্ডাৰ হয়।
জানা মা, পত্নীয়ে সেৱা, দায়িত্ব আৰু মৰম যেতিয়া ক’ৰে তেতিয়া তেওঁ তোমাৰ দৰে মাৰূপী হৈ পৰে।

গিৰীয়েকে উপাৰ্জন কৰি আনি দিয়া টকাৰে ভাৱি ,চিন্তি খৰচ কৰি যেতিয়া গোটেই পৰিয়ালৰ দায়িত্ব কান্ধত লয় তেতিয়া দেউতাৰূপী হৈ পৰে।
যেতিয়া Care লয়, মৰম ক’ৰে,ভুল কৰিলে গালি দিয়ে, আমাৰ বাবে কিবাকিবি কিনি আনে তেতিয়া বাইদেউ নাইবা ভন্টী হৈ পৰে।
যেতিয়া গিৰীয়েকৰ পৰা কিবা বিচাৰি জিদ ক’ৰে, ঠেঁ‌হ পাতে, আমনি ক’ৰে ইটো লাগে, সিটো লাগে কৈ থাকে তেতিয়া জীয়েকৰ দৰে হৈ পৰে।
যেতিয়া সমগ্ৰ সংসাৰ খন চলাবলৈ আমাৰ পৰা পৰামৰ্শ লয়, উপায় দিয়ে, আলোচনা ক’ৰে, কাজিয়া ক’ৰে, তেতিয়া দাদা, ভাইটি নাইবা বন্ধুৰ দৰে হৈ পৰে।
গোটেই ঘৰখনৰ যিকোনো বস্তু কিনা বা বিক্ৰী কৰাৰ দায়িত্ব লয় তেতিয়া গৃহস্থনী বা মালিকনী হৈ পৰে। আৰু
যেতিয়া সকলোবোৰ কাম কৰি, নিজৰ সন্তানকো এৰি স্বামীৰ দুবাহুৰ মাজত সোমাই পৰে তেতিয়া তাই প্ৰেয়সী,পত্নী বা অৰ্ধাংগিনী প্ৰাণ আৰু আত্মা হৈ পৰে।
এতিয়া কোৱাচোন মা মই মোৰ পত্নীক সন্মান কৰি কি ভুল কৰিছো ?–?-
আমি সকলোৱে সুধো বোৱাৰীয়ে যৌতুকত কি আনিছে বা লগত কি আনিছে কিন্তু এইটো কেতিয়াও নুসুধো যে এগৰাকী জীয়েকে কি কি এৰি থৈ আহিছে।
পত্নীয়ে কষ্ট দিয়ে সেইটো চবে দেখো কিন্তু কষ্টত লগো তেওঁৱে দিয়ে সেইটো কিন্তু নেদেখো ।
ভাগ্য আৰু পত্নীয়ে কষ্ট দিব পাৰে কিন্তু যেতিয়া লগ দিয়ে জীৱনৰ নক্সা সলনি কৰি দিয়ে।
এগৰাকী পত্নীয়েহে বিচাৰে যে তেওঁৰ স্বামীৰ আয়ুস তেওঁতকৈ দুগুণ বাঢ়ক।
যদি কিবা ভুল লিখিছো শুধৰাই দিব। কিন্তু মোৰ মা দেউতা সদায় Best Friend দৰে থাকে এতিয়াও। মই বিচাৰো সকলো পতি পত্নী সদায়ে Best Friend .দৰে থাকক।

Shahnawaz Hamza

Related