25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

বৃক্কৰ বিকল হোৱাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ল’ব লগা সাবধানতাবোৰ

Assamese Newsবৃক্কৰ বিকল হোৱাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ ল'ব লগা সাবধানতাবোৰ

মানৱ শৰীৰত থকা দুয়োটা বৃক্কৰ গুৰুত্ব অতি বেছি, সেয়েহে সেইকেইটাৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ, যদি ই কম বয়সতে বিকল হৈ পৰে, তেনেহ’লে ই জীৱনৰ বাবে অতি বিপদজনক হৈ পৰে। সাধাৰণতে, ডায়েবেটিচ, হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ ফলত বৃক্ক যথেষ্ট ক্ষতিগ্ৰস্ত হয়। বৃক্কৰ স্বাস্থ্যৰ বাবে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰা হয়, যাৰ সহায়ত এলবুমিন নামৰ প্ৰ’টিন এটা চিনাক্ত কৰা হয়, যি স্বাস্থ্যকৰ বৃক্কত নাথাকে। বৃক্কৰ কাম হৈছে শৰীৰৰ পানী নিষ্কাশন কৰা।

যদি বৃক্কৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব বিচাৰে, তেন্তে ইয়াৰ বাবে শৰীৰত সঠিক পৰিমাণৰ পানীৰ পৰিমাণ বৰ্তাই ৰখাটো প্ৰয়োজন। ই বৃক্কৰ ৰোগৰ আশংকা হ্ৰাস কৰে।

বৃক্কৰ বিকল হোৱাৰ পৰা বাচি থাকিবলৈ ল’ব লগা সাবধানতাবোৰঃ

~ নিজকে স্বাস্থ্যৱান কৰি ৰাখিব আৰু শাৰীৰিক কাৰ্যকলাপ হ্ৰাস হ’বলৈ নিদিব।

~ ৰক্তচাপ বজাই ৰাখিব কিয়নো ই বৃক্কৰ স্বাস্থ্যৰ দিশত প্ৰথম পদক্ষেপ।

~ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব কিয়নো ডায়েবেটিক ৰোগীৰ বিপদাশংকা অধিক।

~ দৈনিক খাদ্যত কেৱল স্বাস্থ্যকৰ আহাৰ অন্তৰ্ভুক্ত কৰিব, ই হৈছে স্বাস্থ্যৰ মূল চাবিকাঠি।

~ পানী গ্ৰহণ অত্যাধিক কম বা অত্যাধিক হ’বলৈ নিদিব, ই বৃক্ক কাৰ্য্যত সমস্যাৰ সৃষ্টি কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, প্ৰতিদিনে ২ ৰ পৰা ৩ লিটাৰ পানী খাব লাগে।

~ শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ নিদিব, যিমান সম্ভৱ পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ চেষ্টা কৰিব।

~ দৈনিক নিমখ খোৱা নিয়ন্ত্ৰণ কৰক, কিয়নো ই ৰক্তচাপ বৃদ্ধি কৰে। চিকিৎসকৰ মতে, এদিনত মাত্ৰ ৫ ৰ পৰা ৬ গ্ৰাম নিমখ খাব লাগে।

~ স্বাস্থ্যৰ অৱনতি হোৱাৰ পৰা বাচি থাকিবলৈ জীৱনশৈলী সলনি কৰক, আৰু সঠিক ৰুটিন অনুসৰণ কৰক। ইয়াৰ বাবে কেৱল সতেজ খাদ্য খাবলৈ চেষ্টা কৰক, ৰৈ যোৱা খাদ্য খালে বৃক্কৰ ক্ষতি হ’ব।

~ চিগাৰেট, বিড়ি আদি ধপাতজাতীয় বস্তু সেৱন নকৰিব।

~ কিছুমান ঔষধে বৃক্কৰ ক্ষতি কৰে, সেয়েহে চিকিৎসকৰ পৰামৰ্শ লওক।

~ সুৰা সেৱন কৰাটো বৃক্কৰ ক্ষতিৰ এক মুখ্য কাৰণ, এই আসক্তি ত্যাগ কৰক।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!