মদ্যপান মানেই লিভাৰৰ ক্ষতি ! আৰু কি কি অভ্যাসে লিভাৰৰ ক্ষতি কৰে ?

1 min read

বৰ্তমান সময়ত বিশ্বজুৰি লিভাৰৰ ৰোগ বৃদ্ধি পাইছে । বেছিভাগ লোকৰে নিজৰ বদ অভ্যাসে লিভাৰৰ বেছি ক্ষতি কৰে । বিশেষকৈ শিশুৰ ক্ষেত্ৰত যদি পিতৃ-মাতৃয়ে সচেতনতা অৱলম্বন নকৰে ,তেন্তে শিশুৰ ক্ষেত্ৰতো এই ৰোগ হ’ব পাৰে ।

বহুতৰ মতে বেছি তেল-মছলা খাদ্য গ্ৰহণ নকৰা , মদ নাখালে বা বাহিৰৰ খাদ্য গ্ৰহণ নকৰিলে লিভাৰৰ ৰোগ হয় । কথাটো অৱশ্যে ভুল নহয় । কিন্তু এইয়াই শেষ কথা নহয় ।

সমান্তৰালকৈ আৰু কে’বাটাও কথা মানি চলা দৰকাৰ । যিসকলৰ মেদ আছে তেওঁলোকে সদায় অখাদ্য খোৱাৰ পৰা বিৰত থকা দৰকাৰ ।

যিহেতু আমাৰ শৰীৰত সঠিক পৰিমাণত কাৰ্বহাইড্ৰেট, ফেট আৰু প্ৰোটিন থকাটো জৰুৰী । যদিও অত্যাধিক মা-মচলাযুক্ত খাদ্য , ভজা-পুৰা এইবোৰ খাদ্যই মেদৰ পৰিমাণ বঢ়াত সহায় কৰে ।

কাৰণ লিভাৰৰ বাবে অতিৰিক্ত মেদ খুবেই অপকাৰী । লিভাৰৰ চাৰিওফালে মেদ জমা হ’লে শৰীৰৰ আন অংগৰ কাৰ্যকাৰিতা হ্ৰাস পায় । সেয়েহে খাদ্য তালিকাত পৰিমিত পৰিমাণত ফেট ৰাখিব লাগে । পাৰিলে অলিভ অইল , আখৰোটজাতীয় স্বাস্থ্যকৰ ফেট সমৃদ্ধ আহাৰ গ্ৰহণ কৰিব লাগে ।

একেদৰে ডায়েটত যিমান পাৰে কমকৈ চেনী খাব লাগে । ৰোগৰ পৰা সহজে বাচিবলৈ বহুতেই নিজৰ ইচ্ছা মতে ডায়েটৰ নিয়ম মনা দেখা যায় । চেনী এৰি তাৰ পৰিৱৰ্তে অন্য সেৱন কৰাও দেখা যায় । এনে অভ্যাসে কিন্তু শৰীৰৰ চৰম ক্ষতি কৰাও দেখা যায় ।

গতিকে এনে অভ্যাস ত্যাগ কৰি চেনী খাবলৈ সমূলি বাদ দিয়াই ভাল । যিহেতু কৃত্ৰিম মিঠায়ে লিভাৰৰ ৰোগ বৃদ্ধি কৰাত সহায় কৰে ।

আচলতে খাদ্য তালিকাত প্ৰাকৃতিক শৰ্কৰা জাতীয় খাদ্য ৰাখিব লাগে । চিকিৎসকৰ মতে , বিষ উপশমৰ কোনো ঔষধ সেৱন কৰিব নালাগে ।

কিছুমান পেনকিলাৰে লিভাৰৰ সাংঘাতিক ক্ষতি কৰে । সমান্তৰালকৈ টাইলেনল বা কলেষ্টৰলৰ ঔষধেও লিভাৰৰ ক্ষতি কৰে । সেয়েহে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ সেৱন কৰিব নালাগে ।

অন্যথা আপুনি লিভাৰৰ জটিল সমস্যাত পৰিব পাৰে । শৰীৰত কেতিয়াও পানীৰ অভাৱ হ’বলৈ দিব নালাগে । শৰীৰত যিমান পাৰে টক্সিনৰ পৰিমাণ হ্ৰাস কৰি ৰখাৰ চেষ্টা কৰিব লাগে ।

ই আপোনাৰ লিভাৰ সুস্থ কৰি ৰখাত সহায় কৰিব আৰু ইয়াৰবাবে পানী খোৱাটো খুবেই জৰুৰী । পানীয়েহে শৰীৰৰ বেয়া টক্সিন প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হোৱাত সহায় কৰিব । ইয়াৰোপৰি মানসিক চাপ সন্তুলন কৰি ৰাখিব লাগে ।

মানসিক চাপ ,উদ্বেগ ,অৱসাদে কাৰ্টিচল হৰমনৰ ক্ষৰণ বঢ়াই দিয়ে । এই হৰমনে লিভাৰৰ ক্ষতি কৰে । আক’ মানসিক চাপ হ্ৰাস কৰিবলৈ কেতিয়াও মদ্যপান কৰিব নালাগে ।

ই লিভাৰৰ আৰু অধিক ক্ষতি কৰে । মানসিক চাপৰ লগতে মদ্যপানৰ অভ্যাসে লাহে লাহে আপোনাৰ লিভাৰৰ কাৰ্যক্ষমতা লুপ্ত কৰিব ।

বি : দ্ৰ : প্ৰতিবেদনটো তথ্য ভিত্তিক যদিও লিভাৰৰ সামান্য সমস্যা আহিলে চিকিৎসকৰ ওচৰ চাপিব লাগে ।

You May Also Like

More From Author