25.9 C
Assam
Monday, May 23, 2022

Featured News

Above 100 people join UPPL in Srirampur and Gossaigaon

More than a hundred people including members...

গুৱাহাটী: পত্নীক যৌন আতিশায্য চলোৱাৰ অভিযোগত ভাৰাতীয়াই হত্যা কৰিলে মালিকক

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।ভাৰতীয়াই ঘপিয়াই হত্যা কৰিলে...

বি টি আৰৰ কচুগাঁও সমষ্টিত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ ত্যাগ কৰি চাৰি শতাধিক লোকৰ UPPLত যোগদান

Assamese Newsবি টি আৰৰ কচুগাঁও সমষ্টিত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ ত্যাগ কৰি চাৰি শতাধিক লোকৰ UPPLত যোগদান

কচুগাঁও সমষ্টিৰ তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলামৰ নেতৃত্বত টেংৰাৰভিটা মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হোৱা যোগদান সভাত অংশ গ্ৰহণ কৰি ই এম উকীল মুছাহাৰীয়ে আৰু কয় যে বি পি এফ দলে বি টি চিত শাসন চলাই দূৰ্নীতি হে কৰিলে ৷বি টি আৰত মিত্ৰজোঁটৰ শাসনত পৰিৱৰ্তনৰ জোৱাৰ অহা আৰম্ভ হৈছে ৷ৰাজ্য চৰকাৰে মাইক্ৰফাইন্ছেৰ ঋণ মাফ কৰি দি মহিলা সকলক সকাহ দিছে ৷কোকৰাঝাৰ জিলাত ১৯ হেজাৰ মহিলাক ২৫ হেজাৰ টকাৰ চেক প্ৰদানৰ কামৰ ৰবিবাৰৰ পৰা শুভ আৰম্ভ কৰা হৈছে ৷ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰ কামৰ ইষ্টাইলত মুগ্ধ হৈ অন্য দলৰ বহু নেতা নেত্ৰী, কৰ্মীয়ে ইউ পি পি এল দলত যোগদান দিছে ৷তুলসীবিল ভি চি ডি চিৰ সভাপতি ছফিৰুল ইছলাম মণ্ডলৰ পৰিচলনাত অনুষ্ঠিত যোগদান সভাত বি পি এফ ,কংগ্ৰেছ ,ইউ ডি এফ দলৰ চাৰি শতাধিক পূৰুষ- মহিলাই দল ত্যাগ কৰি ইউ পি পি এলত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰে ৷নতুনকৈ দলত যোগদান দিয়া সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই ইউ পি পি এল দলৰ নেতা নেত্ৰী সকলে আদৰি লয় ৷

যোগদান সভাত ইউ পি পি এল দলৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মুৰ্শিদা বেগম ,কেন্দ্ৰীয় উপ সভাপতি জিৰণ বসুমাতাৰী ,গোসাইগাঁও জিলা ইউ পি পি এলৰ প্ৰশাসনিক সম্পাদক আয়নাল হকে ইউ পি এল দলৰ নীতি আদৰ্শ আৰু আগন্তুক দিনত দলৰ কাৰ্যপন্থা সম্পৰ্কে আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: