21.1 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু,দ্বাৰকা নগৰৰ উৎপত্তি, ধ্বংস আৰু অস্তিত্ব

Assamese Newsভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু,দ্বাৰকা নগৰৰ উৎপত্তি, ধ্বংস আৰু অস্তিত্ব

আপুনি জানেনে শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰৰ অস্তিত্ব আজিও সাগৰৰ তলত আছে!!! যদি আপুনি ভাল স্কুব’ ডাইভাৰ হয় তেন্তে আপুনিও আৰব সাগৰৰ সেই ক্ষেত্ৰত গৈ দ্বাপৰ যুগৰ সেই দ্বাৰকা নগৰখনৰ অৱশেষ চাই আহিব পাৰে।
ভগৱান শ্ৰীকৃষ্ণ মথুৰা ত্যাগ কৰাৰ পাছত যদুবংশ ৰক্ষা কৰাৰ উদ্দেশ্যে ভাতৃ বলোৰাম আৰু যদুবংশী সকলক লগত লৈ আৰব সাগৰৰ এক দ্বীপত বৰ্তমান গুজৰাটৰ কাংঠিয়াবাড় ক্ষেত্ৰত উপস্থিত হৈ তিনি লোকৰ নিপুণ মিস্ত্ৰী বিশ্বকৰ্মাক আৰাধনা কৰে। তেওঁৰ হাতেৰেই দ্বাপৰ নগৰী খন নিৰ্মাণ কৰে।

দ্বাৰকা নগৰৰ প্ৰাচীন নাম কুশস্থলী আছিল। এই চহৰ খনত বহুতো দ্বাৰ আছিল সেয়েহে চহৰ খনৰ আনটো নাম দ্বাৰকা হল।চহৰ খনৰ চাৰিওফালে উচ্চ আৰু দীঘল দীঘল দেৱাল আছিল, এই দেৱালবোৰ আজিও সমুদ্ৰত পোৱা যায়।

দ্য হিন্দু ৰিপৰ্ট ৰ মতে দ্বাৰকা নগৰৰ অস্তিত্ব বিচাৰি সৰ্বপ্ৰথম ১৯৬৩ চনত এস্কাভেশ্বন ডেক্কান কলেজ পুনে, ডিপাৰ্টমেন্ট অৱ আৰ্কিলজি আৰু গুজৰাট চৰকাৰে মিলি অনুসন্ধান চলাইছিল। এই অনুসন্ধানত তেওঁলোকে ১৩০০০ বছৰ পুৰনি বাচন বৰ্তন পাইছিল। ইয়াৰ এক দশক পিছতে আৰ্কিলজিকেল সাৰ্ভে অৱ ইণ্ডিয়াই সমুদ্ৰৰ তলত কিছুমান তামৰ মুদ্ৰা আৰু গ্ৰেনাইট ষ্ট্ৰাকচাৰ পাইছিল।

*********কেইবছৰমান আগতে নেছনেল ইন্সটিটিউট অৱ অশ্বিয়ন’গ্ৰাফী টীম এ সমুদ্ৰৰ তলত দ্বাৰকা নগৰৰ অৱশেষ বিচাৰি পায়। আজ টক’ ৰ শ্বেটা সিং ও সমুদ্ৰৰ পৰা ৭০ ফুট তলত থকা এই অবিশ্বসনীয় ঘটনাৰ সাক্ষী হয়। ১৩০০০ বৰ্ষ পুৰণি প্ৰাচীন সভ্যতাৰ এই চানেকী সমুদ্ৰৰ গৰ্ভত লীন হৈ আছে।
আমি শাস্ত্ৰৰ পৰা জানোঁ যে ভগৱান শ্ৰীকৃষ্ণ যদুবংশী সকলক লগত লৈ আহি দ্বাৰকা নগৰীত ৩৬ বছৰ ৰাজত্ব কৰিছিল। ইয়াৰ পিছত তেওঁ অভিশাপৰ মহত্ব মনুষ্যক দেখুৱাবলৈ নিজৰ দেহ ত্যাগ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ বিদায় লোৱাৰ পিছতে দ্বাৰকা নগৰীও সমুদ্ৰৰ তলত ডুব যায়।

*******কি কাৰণতনো দ্বাপৰ নগৰখন ধ্বংসস্তুপত পৰিণত হল? ইয়াৰ বাবে দুটা অভিশাপ জড়িত আছিল।

প্ৰথম অভিশাপ ঃমহাভাৰতৰ যুদ্ধৰ কাৰণে কৌৰৱৰ মাতৃ গান্ধাৰীয়ে শ্ৰীকৃষ্ণকে দোষী বুলি অভিযোগ কৰিছিল। তেওঁ কৃষ্ণক অভিশাপ দিছিল যে যেনেদৰে কৌৰৱ বংশৰ শেষ হল ঠিক তেনেদৰে এদিন শ্ৰীকৃষ্ণৰ যদুবংশও ধ্বংস হব।

দ্বিতীয় অভিশাপ ঃ ৠষি মুনি সকলৰ দ্বাৰা শ্ৰীকৃষ্ণৰ পুত্ৰ সম্ব অভিশপ্ত হৈছিল। আছলতে যেতিয়া মহৰ্ষি বিশ্ৰামিত্ৰ, কন্ব ৠষি, আৰু দেবৰ্ষি নাৰদ দ্বাৰকা নগৰলৈ গৈছিল তেতিয়া দ্বাৰকা নগৰৰ কিছুমান যুৱকে তেওঁলোকক ঠাট্টা মস্কৰা কৰিছিল। যুৱকসকলে শ্ৰীকৃষ্ণৰ পুত্ৰ সম্বক এগৰাকী নাৰী বেশেৰে সজাই ৠষি সকলৰ ওচৰলৈ লৈ গৈছিল তেওঁলোকক অপমান কৰিবলৈ কৈছিল – এই স্ত্ৰী জনী গৰ্ভৱতী হৈ আছে, এওৰ গৰ্ভৰ পৰা কি জন্ম হব কওকচোন? ৠষি মুনি সকলে এনে কথাৰ সন্মুখিন হৈ ক্ৰোধিত হৈ পৰিছিল, ক্ৰোধত তেওঁলোকে অভিশাপ দিছিল – হে মুৰ্খ বালকহ’ত! তোমালোকে আমাক অপমান কৰিবলৈ যাক নাৰী সজাই লৈ আনিছা সি কোনো নাৰী নহয়। এইজন ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ সম্ব হে। তোমালোকে আমাক অপমান কৰি যি দুখ দিছা তাৰ বাবে আমি অভিশাপ দিছো,, এই সম্বৰ গৰ্ভৰ পৰাই এডাল ভয়ংকৰ লোহাৰ মুছল ৰ জন্ম হ’ ব। সেই মুছল ডালেই যদুবংশ ধ্বংসৰ কাৰণ হব। এই অভিশাপ দি তেওঁলোক ভগৱান শ্ৰীকৃষ্ণক দেখা কৰি কথাখিনি ক’লে। ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকক কয় আপোনালোকে যিদৰে বিচাৰে তেনেদৰেই হব।

পিছদিনাখনেই সম্বই এডাল ভয়ংকৰ লোহাৰ মুছল ৰ জন্ম দিয়ে। যদুবংশী সকল চিন্তাত পৰি সেই মুছলডাল ৰজা উগ্ৰসেনক দিলে। ৰজাই মুছল ডাল দেখি আচৰিত হয়। তেও সেৱকসকলক সেই মুছলডাল ভাঙি অৱশিষ্ট বোৰ সমুদত পেলাই দিবলৈ নিৰ্দেশ দিলে। সেৱকসকলেও ৰজাৰ আদেশ মৰ্মেই সকলো কৰিলে।

ইয়াৰ পিছতে ৰজা উগ্ৰসেনে ৰাজ্যত ঘোষণা কৰিলে “আজিৰ পৰা ৰাজ্যত কোনেও যাতে নিচা তৈয়াৰ নকৰে। যি সকলে লুকুৱাই নিচাযুক্ত দ্ৰব্য তৈয়াৰ কৰিব, গ্ৰহণ কৰিব তেওঁলোকক অপৰাধী ঘোষণা কৰি শূলত দিয়া হব।

ইয়াৰ পিছৰে পৰা নগৰৰ বাসিন্দা সকলে সন্মুখৰ অশনি সংকটৰ পৰা উদ্ধাৰ পাবলৈ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিল।

কিন্তু কোৱা হয় বিধিৰ বিধান কেতিয়াও খণ্ডন নহয়। এই বিধিৰ পৰা ভগৱান শ্ৰীকৃষ্ণয়েও নিজক ৰক্ষা নকৰিলে।

দ্বাৰকা নগৰত অনেক বিপদ বিঘিনি ঘটিবলৈ ধৰিলে। নগৰত মানুহৰ সংখ্যাতকৈ নিগনিৰ সংখ্যাহে বাঢ়িবলৈ ধৰিলে। গাইৰ পেটৰ পৰা গাধ, মেথুনৰ পেটৰ পৰা হাতী, গাহৰিৰ পেটৰ পৰা নিগনি জন্ম পাবলৈ ধৰিলে। দ্বাৰকাত কেৱল অশান্তি, উশৃংখলতাই দেখা দিবলৈ ধৰিলে। এই কথা ভগৱান শ্ৰীকৃষ্ণক জনোৱাত তেওঁ যাদৱ সকলক তীৰ্থ ভ্ৰমণ কৰি প্ৰভাস ক্ষেত্ৰত থাকিবলৈ উপদেশ দিলে। কিন্তু তেওঁলোক প্ৰভাস ক্ষেত্ৰত থাকি মদ, ভাং, মাছ মাংসৰ আশ্ৰয় লৈ ডাঙৰ, বয়োজ্যেষ্ঠ কাৰোকে নমনা হল। এই সাত্বিক সকলে কেতুবৰ্মাক উপহাস কৰি কাজিয়াত লিপ্ত হয়। কাজিয়াই যেতিয়া তুংগ পাই কেতুবৰ্মাক মুৰটো কাটি পেলায়। সেই মুহূৰ্ততে সেই স্থানৰ বীৰসকল উপস্থিত হৈ দুয়োপক্ষৰ মাজত যুদ্ধ হৈ তেওঁলোকে সাত্ত্বিক সকলৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰ্দ্যুমৰ হত্যা কৰে। সাত্বিক সকলৰ লগতে নিজৰ পুত্ৰৰ মৃত্যু হোৱা দেখি শ্ৰীকৃষ্ণ ক্ৰোধিত হৈ পৰে। ক্ৰোধতে তেওঁ মাটিৰ পৰা হাতৰ মুঠিত এমুঠি বন উঘালি আনিছিল। সেই বনখিনিয়ে সম্বৰ পেটৰ পৰা জন্ম লাভ কৰা লোহাৰ মুছলডাল হৈ পৰিছিল। তেওঁৰ সন্মুখত যোনেই আহিছিল মুছলডাল ৰ পৰা তাৰেই মৃত্যু হৈছিল। কালচক্ৰত সেই মুছলডালেই সমূহ যদুবংশক ধ্বংস কৰিলে।

কিন্তু ভগৱান হৈও ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু কিয় হ’ল?

প্ৰথম কথা গান্ধাৰী এগৰাকী সতী নাৰী আছিল। লগতে তেওঁ এশ পুত্ৰৰ মৃত্যুৰ শোকত ভগ্নপ্ৰায় হোৱা এগৰাকী মাতৃ। এগৰাকী সতী নাৰী আৰু মাতৃৰ অভিশাপক শ্ৰীকৃষ্ণই শিৰ নত কৰি লৈছিল। যদি তেওঁ এগৰাকী সতী নাৰী আৰু মাতৃৰ অভিশাপক বাস্তবায়িত নকৰিলে হয়, তেন্তে আজি মনুষ্যৰ মাজত মাতৃৰ আৰ্শীবাদ আৰু অভিশাপৰ একো মূল্য নাথাকিলে হয়।
মাতৃৰ আৰ্শীবাদ আৰু অভিশাপ কেতিয়াও অথলে নাযায়। মনুষ্যক সেই জ্ঞান দিবলৈয়ে ভগৱান শ্ৰীকৃষ্ণই মৃগ চিকাৰী জৰাৰ হাতেৰে মৃত্যুক আকোৱালি লয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!