শণিদেৱক কিয় উগ্র দেৱতা বুলি কোৱা হয় !

শণিদেৱক কিয় উগ্র দেৱতা বুলি কোৱা হয় !

সকলো মানুহেই শণিদেৱতাৰ নাম শুনিলেই

 

মনে মনে বহুত ভীতিগ্ৰস্থ হয়।

ইয়াৰ মূলতে হৈছে-শণিদেৱতা সকলো দেৱতাৰ ভিতৰত আটাইতকৈ বেছি খঙাল., উগ্র., প্ৰতাপী দেৱতা..।

যাৰ ওপৰত শণিদেৱতাৰ কোপদৃষ্টি পৰিব

তেওঁৰ জীৱন ধ্বংস হয় যায়।

কিছুমান লোকে নৱগ্ৰহৰ ভিতৰত

সূর্যক ৰজা আৰু শণিক ভৃত্য বুলি কব বিচাৰে।

কিন্তু মহৰ্ষি কাশ্যপে=শণি স্তুতি আৰু শণি মন্ত্রত শণিক মহাবলী আৰু নৱগ্ৰহৰ ৰজা বুলি কৈছে।

এইদৰে…….

সৌৰিগ্ৰহৰাজ্য মহাবলী:

…. প্ৰাচীন গ্ৰন্থ সমুহৰ মতে..

শণিদেৱে কঠোৰতম তপস্যাৰ বলত দেৱাদিদেৱ

মহাদেৱ শিৱ বাবাক সন্তুষ্টি কৰি..,

সকলো গ্ৰহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আসন গ্রহণ কৰিবলৈ সক্ষম হৈছিল।।

শণিদেৱৰ জন্ম কাহিনী=

শণিদেৱৰ পিতৃ হৈছে সূৰ্য দেৱতা..

আৰু মাতৃ ছায়া দেৱী..

সূৰ্য দেৱতা গৰ্ভদানৰ উদ্দেশ্য-ছায়া দেৱীৰ সমীপত যোৱাৰ সময়ত -সূৰ্য দেৱতা প্ৰচণ্ড

উত্তাপ আৰু প্ৰখৰ ৰশ্মিৰ বাবে-ছায়াদেৱীয়ে

চকু মুদি দিছিল।

ছায়া দেৱীৰ গৰ্ভত আৰু সূৰ্য দেৱতাৰ  ঔৰসত শণিদেৱৰ জন্ম হৈছিল-যদিও শণিদেৱৰ দেহৰ বৰণ কলা বৰ্ণৰ হৈ জন্মলাভ কৰিছিল।।

কলা বৰণৰ পুত্র জন্ম হোৱা দেখি

সূৰ্য দেৱতা অসন্তোষ হৈছিল আৰু ছায়া দেৱীৰ

ওপৰত আৰোপ জাপি দিছিল যে-এই সন্তানৰ পিতৃ সূৰ্য দেৱতা হবই নোৱাৰে বুলি..

সেই কাৰণে শণিদেৱে-সূৰ্য দেৱতাক শক্ৰ জ্ঞান

কৰিছিল।।

…… দুখ আৰু সন্তাপৰ বলী হৈ-শণিদেৱে অনেক বছৰ-নাখাই নবই দেৱাদিদেৱ মহাদেৱৰ

ঘোৰ তপস্যা কৰিছিল।।

কঠোৰতম তপস্যা কৰি কৰি-

নিজৰ দেহ দগ্ধ কৰি পেলাইছিল।।

কঠোৰতম তপস্যাৰ বলত মহাদেৱ সন্তুষ্টি হৈছিল।।

মহাদেৱে শণিদেৱতাৰ সন্মুখত উপস্থিত হৈ বৰ মাগিবলৈ আহ্বান জনাইছিল।।

…. শণিদেৱে তেতিয়া মহাদেৱক

প্ৰাৰ্থনা কৰি কৈছিল-

হে ভোলানাথ=

যুগ যুগ ধৰি মোৰ মাতৃক-পিতৃ সূৰ্যদেৱে মিছা অপবাদ দি প্ৰতাৰিত.. অপমানিত.., লাঞ্চিত..,

আৰু বঞ্চিত কৰি আহিছে..

গতিকে মোৰ মায়ে বিচাৰে-মই যাতে মোৰ পিতৃ সূৰ্যদেৱতাতকৈও অধিক প্ৰভাৱশালী

আৰু পূজিত হওঁ..

… তেতিয়া মহাদেৱে তথাস্তু বুলি কৈ কৈছিল-

হেৰা মোৰ প্ৰিয় ভক্ত শণি=

নৱগ্ৰহৰ ভিতৰত তোমাৰ স্হান-উচ্চ আৰু সৰ্বশ্ৰেষ্ঠ হব..

তুমি পৃথিৱী লোকত-ন্যায়ধীশৰ ভূমিকা পালন  কৰিব় পাৰিবা…

কেৱল মানুহকেই নহয়-

আনকি তুমি দেৱতা-অসুৰ.., কিন্নৰ.. নাগ সকলোৰে বিচাৰ কৰিব পাৰিবা..

সেয়ে শণিদেৱক জগতৰ ন্যায়াধীশ বুলি কোৱা হয়.. অন্যায়কাৰীৰ বাবে-শণিদেৱ হৈছে যমকাল..

পীড়িত জনৰ কাৰণে-শণিদেৱ হৈছে-

ন্যায়দাতা দেৱতা।।। (কথাখিনি সংগ্ৰহিত)

 

 

 

 

 

দ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

GTM Desk