প্ৰেম-সম্পৰ্ক-গৰ্ভধাৰণৰ বাবে চৰকাৰী চাকৰিয়ালক ১ দিনৰ বিশেষ ছুটী ঘোষণা এইখন চৰকাৰৰ, ক’ত জানেনে?

প্ৰেম-সম্পৰ্ক-গৰ্ভধাৰণৰ বাবে চৰকাৰী চাকৰিয়ালক ১ দিনৰ বিশেষ ছুটী ঘোষণা এইখন চৰকাৰৰ, ক’ত জানেনে?

এক আচৰিত হ’বলগীয়া খবৰ, কিন্তু ভাৰতত নহয়। চীন চৰকাৰে এনে সিদ্ধান্ত লৈছে। জন্মৰ হাৰ বৃদ্ধিৰ বাবে চীন চৰকাৰে এনে এক অভূতপূৰ্ব সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। এইদৰেই চীনে জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাৰ উদ্যোগ লৈছে। জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে পৰামৰ্শ দিছে।

আৰু এই জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ ইজনে সিজনৰ প্ৰথম প্ৰেম-সম্পৰ্ক গঢ়ি তুলিব লাগিব। ফলত চীনৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ লগতে চৰকাৰী চাকৰিয়ালে সেই দিশত অনুপ্ৰেৰণা যোগাবলৈ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে।

চীনৰ ফাং মি এডুকেচন গ্ৰুপে প্ৰথমে এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁলোকৰ অধীনত থকা মিয়ানয়াং ফ্লাইং ভকেচনেল কলেজে ২১ মাৰ্চত বসন্তকালীন ছুটীৰ ঘোষণা কৰে। ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ এই বন্ধ চলি আছে।

GTM Desk

Related