ব’হাগ মাহত যুৱক-যুৱতীয়ে প্ৰেম কৰাটো সাংবিধানিক অধিকাৰ : অতুল বৰা
‘‘অসমৰ জাতীয় সংবিধানত ব’হাগ মাহত যুৱক-যুৱতীয়ে প্ৰেম কৰাৰ সাংবিধানিক অধিকাৰ আছে, এয়া প্ৰেমৰ সময় ৷ অসমৰ জাতীয় সংবিধানমতে যুৱক-যুৱতীয়ে পলাই মন্দিৰতো বিয়া পাতিব পাৰে ৷’’ মঙলবাৰে মহানগৰীৰ বীৰকুছিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অতুল বৰাই মন্তব্য কৰি ক’লে এনেদৰে ৷
সন্মুখত পৌৰ নিগমৰ নিৰ্বাচন ৷ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনক লৈ ব্যস্ত শাসক বিৰোধী । 22 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে বিভিন্ন দল-সংগঠন ৷ সাজু হৈছে মিত্ৰদল অগপ-বিজেপিয়েও ৷
ইতিমধ্যে, নিৰ্বাচনক লৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত শাসকীয় দলৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ নামী দামী পালি নেতা নামি পৰিছে নিৰ্বাচনী যুঁজত । ভোটাৰৰ মন জয় কৰিবৰ বাবে প্ৰাৰ্থী তথা নেতাই অৱলম্বন কৰিছে ন ন কৌশল ।
সেয়ে এইবাৰ ন-ৰূপত দেখা গ’ল দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাক ৷ মহানগৰীৰ বীৰকুছিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ মুখত শুনা গ’ল শায়েৰী
উল্লেখ্য যে, ৫৮ নং বাৰ্ডৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী গৌৰী বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ধেমেলীয়া কথাৰে ভোটাৰৰ মন জয় কৰা দিছপুৰীয়া বিধায়কগৰাকীয়ে ক’লে ডেকা কালৰ প্ৰেম-পিৰিতিৰ কথা ৷ ইফালে ডেকা-গাভৰুক লৈ শায়েৰীও গালে বিধায়কগৰাকীয়ে । ইফালে, নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক চাৰি প্ৰকাৰৰ বুলি সংজ্ঞা দি এটা এটাকৈ বুজাই দিলে বিধায়ক বৰাই ।