ৰন্ধন গেছ ৰাহি কৰাৰ কিটিপ!

1 min read

খাদ্য-সামগ্ৰী প্ৰস্তুত কৰোতে আজিকালি আমি প্ৰায়ভাগেই খৰিৰ সলনি ৰন্ধন গেছ ব্যৱহাৰ কৰো৷ কিন্তু জুতি লগাই বিভিন্ন ব্যঞ্জন ৰান্ধোতে পাকঘৰৰ চিলিণ্ডাৰ খালি হৈ যায়৷ পিছে ৰন্ধন গেছ ৰাহি কৰাৰ কেতবোৰ সহজ কিটিপ আছে৷ আজিৰ শিতানত আগবঢ়োৱা হৈছে ৰন্ধন গেছ ৰাহি কৰাৰ ঘৰুৱা কিটিপ – খাদ্য প্ৰস্তুত কৰোতে সদায় শুকান পাত্ৰ ব্যৱহাৰ কৰক৷ শুকান পাত্ৰ সোনকালে গৰম হয়, ফলত গেছ ৰাহি হয়৷ ৰন্ধনৰ বাবে ব্যৱহাৰ কৰা পাত্ৰটো শুকান কাপোৰেৰে ভালদৰে মচি লৈ তাৰ পিছতহে স্তভ জ্বলাওক৷ সামান্য পৰিমাণৰ পানী থাকিলেও পাত্ৰটো গৰম হওতে কিছু সময় লয়৷ যাৰ ফলত অতিৰিক্তভাৱে গেছ খৰচ হয়৷ ফ্ৰীজত ৰখা খাদ্য-সামগ্ৰী উলিয়াই আনি পোনে পোনে গৰম নকৰি কিছু সময় বাহিৰৰ তাপমাত্ৰাত ৰাখক৷ মনত ৰাখিব যে ফ্ৰীজৰ পৰা উলিয়াই অনা খাদ্য-সামগ্ৰী পোনে পোনে গৰম কৰিবলগীয়া হ’লে গেছ বহু পৰিমাণে খৰচ হয়৷ যিকোনো পাচলি সিজোৱাৰ পূৰ্বে সৰু সৰুকৈ কাটক৷ পাচলিৰ সৰু টুকুৰা সিজাওতে কম সময়ৰ প্ৰয়োজন হয়৷ ফলত গেছ ৰাহি হয়৷ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰসমূহৰ নিম্নাংশ চেপেটা আকৃতিৰ হ’লে পাত্ৰটো কম সময়তে গৰম হয়৷ পৰাপক্ষত প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰক৷ ই গেছ ৰাহি কৰে৷ যিকোনো ব্যঞ্জন প্ৰস্তুত কৰোতে প্ৰয়োজনতকৈ অধিক পানী ব্যৱহাৰ নকৰিব৷ কিয়নো অতিৰিক্ত পানীখিনি ব্যঞ্জনে শুহি লওতে অধিক সময়ৰ প্ৰয়োজন হয়৷ তদুপৰি ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পূৰ্বে গেছ পাইপডাল নিতৌ পৰীক্ষা কৰিবলৈ নাপাহৰিব৷

You May Also Like

More From Author