আসন বুজাবুজিঃ জি এম চি এইচত অখিল গগৈৰে বৈঠকত লুৰিণজ্যোতি, অৰবিন্দ কেজৰিৱালৰ ল’ব সহায়

আসন বুজাবুজিঃ জি এম চি এইচত অখিল গগৈৰে বৈঠকত লুৰিণজ্যোতি, অৰবিন্দ কেজৰিৱালৰ ল’ব সহায়

নিৰ্বাচনক লৈ প্ৰতি দলৰ মিত্ৰজোঁটৰ মাজত চলিছে আসনৰ ভাগ-বাটোৱাৰাক লৈ বৈঠক। আজি অগপ আৰু বিজেপিৰ মাজত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত বৈঠক হোৱাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ লগৰ সভাপতি অখিল গগৈৰ মাজতো হয় আলোচনা।

কাৰাৰুদ্ধ অখিল গগৈক আজি জি এম চি এইচত সাক্ষাতৰ বাবে উপস্থিত হয় লুৰিণজ্যোতি গগৈ। দুয়োগৰাকী নেতা বৈঠকত মিলিত হয় চিকিৎসালয়তে। দুয়োটা দলৰ আসনৰ বুজাবুজিৰ ক্ষেত্ৰত হোৱা আলোচনা দুঘণ্টা ধৰি অনুষ্ঠিত হয়।

আলোচনাৰ শেষত লুৰিণজ্যোতি গগৈয়ে কয় যে শীঘ্ৰে আসন বুজাবুজি সন্দৰ্ভত সংবাদমেলযোগে ঘোষণা কৰিব দল দুটাই। আনহাতে, নিৰ্বাচনী প্ৰচাৰৰ বাবে এজেপি আৰু ৰাইজৰ দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিয়ে গগৈয়ে।
Source- Niyomiabarta

 

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.