মেঘালয়ৰ ফাৰ্ম হাউছত দেহ ব্যৱসায়ৰ বৃহত ঘাটি !

মেঘালয়ৰ ফাৰ্ম হাউছত দেহ ব্যৱসায়ৰ বৃহত ঘাটি !

মেঘালয়ৰ ফাৰ্ম হাউছত দেহ ব্যৱসায়ৰ বৃহত ঘাটি।

গাৰো পাহাৰৰ ঘৰটোত তালাচী চলাই ২৪ গৰাকী নাবালিকা উদ্ধাৰ কৰাৰ লগতে মুঠ ৬৮জন লোকক জিম্মাত লৈছে আৰক্ষীয়ে।

অভিযোগ মতে মেঘালয় বিজেপিৰ উপ-সভাপতিৰ বাৰ্ণাৰ্ড মাৰাকৰ আছিল এই ফাৰ্ম হাউছটো।

 

২৮ ফেব্ৰুৱাৰীত আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত কালি আৰক্ষীয়ে চলোৱা এই অভিযানত পৰিত্যক্ত লেতেৰা কোঠাৰ পৰা উদ্ধাৰ কৰা হয় ৫টি শিশুও।

সম্প্ৰতি দেশজুৰি চৰ্চিত মেঘালয়ৰ এই কাণ্ডৰ পিছত বিজেপিৰ উপ-সভাপতিৰ বাৰ্ণাৰ্ড মাৰাকক বিচাৰি ফুৰিছে আৰক্ষীয়ে।

কিন্তু মাৰাকে এতিয়া কৰিছে আত্মগোপন।

২৫টা অপৰাধমূলক গোচৰ থকা মেঘালয়ৰ বৰ্তমানৰ বিজেপি উপ–সভাপতিগৰাকী এসময়ত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষও আছিল।

বৃহৎ সংখ্যক গৰ্ভনিৰোধক দৰৱ, ৫০০ৰো অধিক সুৰাৰ বটল তথা আন আপত্তিজনক সামগ্ৰীসহ নাবালিকা উদ্ধাৰ হোৱা এই ফাৰ্ম হাউছ ৰূপী পতিতালয়ক লৈ এতিয়াও মেঘালয়ৰ ৰাজ্যিক বিজেপিয়ে কোনো কথা কোৱা নাই।

GTM Desk

Related