fbpx
September 2, 2021

বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

A passenger ferry crossing the Brahmaputra River in Guwahati on 27-03-18. Pix by UB Photos

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে কেইবাদিনো ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ পাছত অৱশেষত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হ’ল ফেৰী সেৱা । মাজুলী জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে আৰম্ভ কৰা হৈছে ফেৰী সেৱা ।

এতিয়া বৃহস্পতিবাৰৰ পৰা জিলা প্ৰশাসনে ফেৰীৰ চলাচলত অনুমতি প্ৰদান কৰিছে যদিও ফেৰীঘাটৰ ৰেম্পসমূহ সূচল নোহোৱাৰ বাবে ফেৰীবোৰত চাৰিচকীয়া বাহন নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । মাজুলী জিলা প্ৰশাসনে মাত্ৰ সাধাৰণ যাত্ৰী আৰু দুচকীয়া বাহন নিয়াতহে অনুমতি দিছে ।

উল্লেখ্য যে, কেইবাদিনো ধৰি ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল মাজুলীৰ ৰাইজে । ব্যৱসায়-বাণিজ্যৰ লগতে চিকিৎসাৰ বাবে আন ঠাইলৈ যাতায়াতৰ একমাত্ৰ ভৰসা ফেৰী ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে ফেৰী সেৱা ব্যাহত হৈ পৰিছিল ।

বৃহস্পতিবাৰে পুনৰ ফেৰী চলাচল আৰম্ভ হোৱাত বিভিন্ন কামত ফেৰীৰে যাতায়াত কৰিবলৈ ওলাই আহি পুৱাৰে পৰা ফেৰীঘাটত যাত্ৰীয়ে ভীৰ কৰিছেহি । আনহাতে, বৰ্তমান ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে । অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বান বিধ্বস্ত অঞ্চলৰ ৰাইজে ।

error: Content is protected !!
%d bloggers like this: