অহা ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

অহা ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা হৈছে বলীউডৰ আটাইতকৈ চৰ্চিত দম্পতি। দুয়োজনে প্ৰায়ে তেওঁলোকৰ জীৱনশৈলীৰ বাবে সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ থাকে। কিন্তু, শেহতীয়াকৈ দুয়োৰে বিষয়ে এক বিশেষ কথা প্ৰচাৰ হ’বলৈ ধৰিছে।

বলীউডৰ এই বহু চৰ্চিত যুটিটোৱে চলিত বৰ্ষৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ২০১৯ চনত প্ৰেমৰ সম্পৰ্ক নিশ্চিত কৰিছে। বৰ্তমান এই প্ৰেমৰ সম্পর্ক এই স্থায়ী সম্পৰ্কলৈ ৰূপান্তৰিত হ’বলৈ গৈ আছে।

অৰ্জুন আৰু মালাইকা ইজনে সিজনৰ সৈতে গভীৰ প্ৰেমত পৰিছে। তেওঁলোকৰ প্ৰেমে সকলোৰে মনত এক নতুন বিশ্বাস গঢ়ি তুলিছে। এতিয়া তেওঁলোকে বিয়া কৰি তেওঁলোকৰ সম্পৰ্কত এখোজ আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে।

দম্পতীহালে মুম্বাইত শীতকালীন ঋতুত বিবাহ পাশত আৱদ্ধ হোৱাৰ মন মেলিছে। মালাইকা আৰু অৰ্জুন দুয়োৱে শীতৰ বতৰ ভাল পায় আৰু সেয়েহে তেওঁলোকে নৱেম্বৰ বা ডিচেম্বৰত বিবাহৰ তাৰিখ চূড়ান্ত কৰাৰ সিদ্ধান্ত লৈছে বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে।

সূত্ৰযোগে এইটোও জানিব পৰা গৈছে যে, “অৰ্জুন আৰু মালাইকাৰ কেৱল ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে এক অন্তৰংগ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। তেওঁলোকে সৰলতাত বিশ্বাস কৰে আৰু সেয়েহে তেওঁলোকে তেওঁলোকৰ বিয়া পঞ্জীয়ন কৰাৰ পিছত এখন বিয়াৰ পাৰ্টি আয়োজন কৰিবলৈ গৈ আছে।

য’ত কেৱল উদ্যোগটোৰ অতি ঘনিষ্ঠ সদস্য আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিততহে আয়োজন কৰা হ’ব। ইয়াত সমগ্ৰ কাপুৰ পৰিয়াল আৰু মালাইকাৰ পিতৃ-মাতৃ অন্তৰ্ভুক্ত হৈ থাকিব, আনহাতে দম্পতীহালৰ অত্যন্ত ঘনিষ্ঠ কৰীণা কাপুৰ খান নিশ্চিতভাৱে অতিথিৰ তালিকাত থাকিব।

GTM Desk

Related