মালিগাঁৱ: নির্মীয়মান উৰণীয়া সেঁতুৰ ওপৰৰ পৰা প্লেট খহি আহত শ্রমিক

মালিগাঁৱ: নির্মীয়মান উৰণীয়া সেঁতুৰ ওপৰৰ পৰা প্লেট খহি আহত শ্রমিক

এইবাৰ মালিগাঁৱৰ উৰণীয়া সেঁতুত পুনৰ অঘটন। মালিগাঁৱত নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেঁতুৰ ওপৰৰ পৰা তলৰ ব্যস্ত পথেৰে যোৱা পথাচাৰীৰ গাত পৰিল লোহাৰৰ প্লেট। কৰ্মৰত অৱস্থাত থকা ব্যক্তিৰ অসাৱধানতাৰ বাবেই সংঘটিত হয় এই ঘটনা।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও উক্ত স্থানত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা লোকৰ তথ্য বৰ্তমান পৰ্যন্ত অহা নাই। ইপিনে এনে দায়িত্বহীন কাণ্ডৰ বাবে পুনৰবাৰ সমালোচিত হৈছে উৰণীয়া সেঁতুৰ ঠিকাদাৰ-কৰ্মচাৰী তথা বিভাগীয় কৰ্তৃপক্ষ।

GTM Desk

Related