মালিগাঁৱৰ মাধৱদেৱ নগৰত কুঁৱাত আবদ্ধ নাহৰফুটুকী

0 min read

মহানগৰীৰ মালিগাঁও আৰক্ষী চকীৰ অন্তর্গত পূব মাধৱদেৱ নগৰৰ কুঁৱাত এটা নাহৰফুটুকী আবদ্ধ হৈ পৰা ঘটনা এটাই আজি পুৱাৰে পৰাই স্থানীয় অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে৷ এই সন্দর্ভত জানিব পৰা মতে, কালি নিশা খাদ্যৰ সন্ধানত দাঁতিকাষৰীয়া সংৰক্ষিত বনাঞ্চলৰ পৰা নামি আহি মাধৱদেৱ নগৰৰ স্থানীয় বাসিন্দা আছমা বেগমৰ চৌহদত থকা কুঁৱাত আবদ্ধ হৈ পৰে৷ আজি পুৱা প্রায় ৬ বজাত পৰিয়ালৰ লোকে কুঁৱাৰ পৰা পানী আনিবলৈ গৈ নাহৰফুটুকী এটা আবদ্ধ হৈ থকাটো প্রত্যক্ষ কৰাৰ লগে লগে স্থানীয় অঞ্চলটোত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ লগে লগে স্থানীয় লোকে মালিগাঁও আৰক্ষী চকী আৰু খানামুখ খণ্ড বন বিষয়া কার্যালয়ক অৱগত কৰে৷

খানামুখ খণ্ড বন বিষয়া কার্যালয়ৰ বন বিষয়া ৰূপেন হালৈৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা আৰু পশু চিকিৎসকৰ নেতৃত্বত অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা বনকর্মীৰ দল ততালিকে ঘটনাস্থলীত উপস্থিত হয়৷ ইপিনে ডি এফ অ’ ভাস্কৰ ডেকাও ঘটনাস্থলীত উপস্থিত হৈ সমগ্র ঘটনাটো পর্যবেক্ষণ কৰে৷ পুৱা ১০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ প্রায় আঢ়ৈ ঘণ্টা চলা উদ্ধাৰ অভিযানত ড্রেংকুলাইজ কৰাৰ অন্তত প্রায় আঢ়ৈ বছৰীয়া মাইকী নাহৰফুটুকীটো অক্ষত অৱস্থাত কুঁৱাৰ গভীৰতাৰ পৰা তুলি আনিবলৈ সক্ষম হয়৷ পিছত বনকর্মীৰ দলটোৱে নাহৰফুটুকীটো গডভাঙা সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যৰ মাজত এৰি দিয়ে৷

You May Also Like

More From Author