পাইপ ফুটি নিমিষতেই জলমগ্ন হ’ল মালিগাঁও চাৰিআলি

পাইপ ফুটি নিমিষতেই জলমগ্ন হ’ল মালিগাঁও চাৰিআলি

এইবাৰ মালিগাঁৱত ফুটিল পানীৰ পাইপ।নিমিষতে জলমগ্ন হ’ল মালিগাঁও চাৰিআলিৰ সমগ্ৰ অঞ্চল। জালুকবাৰী থানাৰ সমীপত নিৰ্মীয়মাণ উৰণীয়া সেতুৰ তলত সংঘটিত হোৱা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন ৰাইজক । উল্লেখযোগ্য যে, কিছুদিন আগতে মহানগৰীৰ খাৰঘূলিত ফুটিছিল জাইকাৰ পানীৰ পাইপ। সেই জল বিস্ফোৰণত নিহত হৈছিল এগৰাকী মহিলা। ক্ষতিগ্ৰস্ত হৈছিল বহু লোকৰ ঘৰ–দুৱাৰ, যান–বাহন আদিৰ। খাৰঘূলিৰ ঘটনাৰ পাছতেই মালিগাঁৱত হোৱা ঘটনাই উদঙাইছে কৰ্তৃপক্ষৰ ফোপোলা স্বৰূপ।

GTM Desk

Related