22 C
Assam
Saturday, May 28, 2022

Featured News

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

BTC EM Wilson Hasda meets Comedy King Johny Lever; shares experience

Bodoland Territorial Coumcil(BTC) Executive Member(EM) Wilson Hasda...

মাণিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

Assamese Newsমাণিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেবে শনিবাৰে পদত্যাগ কৰে৷ দেবে ৰাজ্যখনৰ ৰাজ্যপাল সত্যদেব নাৰায়ণ আৰ্যৰ হাতত তেওঁৰ পদত্যাগ-পত্ৰ দাখিল কৰে৷ দেবৰ পদত্যাগৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ বিধায়কসকলৰ মাজত অসন্তুষ্টি আছিল৷

যোৱা নৱেম্বৰত সুদীপ ৰয় বৰ্মন আৰু আশিস সাহা নামৰ বিজেপিৰ দুজন বিধায়কে পৌৰ নিৰ্বাচনৰ আগত হোৱা ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বাবে বিপ্লব দেব আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল৷

তেওঁলোকে অভিযোগ কৰিছিল যে ৰাজ্যখনত গণতন্ত্ৰ অন্তৰ্ধান হৈছে৷ সেই মাহতেই ৰয় বৰ্মনৰ নেতৃত্বত বিজেপি জ্ঝজন বিধায়কে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বক লগ ধৰিছিল আৰু দেবৰ ‘অপশাসন আৰু সম্পূৰ্ণ একনায়কত্ব’ৰ বিষয়ে অভিযোগ দিছিল৷ ত্ৰিপুৰাত কৰ’না ভাইৰাছ প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থাৰ সন্দৰ্ভতো তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল৷

২০১৮ চনত বিজেপি আৰু মিত্ৰদল ইণ্ডিজিনিয়াছ পীপ্‌লছ ফ্ৰণ্ট অব্‌ ত্ৰিপুৰাই [আই পি এফ টি] ৰাজ্যখনত ২৫ বছৰীয়া বাওঁপন্থী শাসন ওফৰাই উল্লেখনীয় বিজয় সাব্যস্ত কৰাৰ পাছত দেব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈছিল৷ ৬০ জনীয়া বিধানসভাত বিজেপিৰ ৩৬জন আৰু মিত্ৰদল আই পি এফ টিৰ জ্জ্বজন বিধায়ক আছে৷

ইফালে বিপ্লব দেবৰ পদত্যাগৰ পাছত ত্ৰিপুৰা বিজেপিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ড॰ মাণিক সাহাক মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী ভূপিন্দৰ যাদৱ আৰু বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়ে উপস্থিত থাকে৷ আনহাতে মাণিক সাহাক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰাৰ পাছত ত্ৰিপুৰা বিজেপিৰ মুখ্য কাৰ্যালয়ত কিছু নাটকীয় দৃশ্য দেখিবলৈ পোৱা যায়৷

মন্ত্ৰী ৰামপ্ৰসাদ পালে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰে আৰু ইয়াৰ ফলত বিধায়কসকলৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়৷ পালে কেইখনমান চকীও ভাঙে৷ বিজেপিৰ একাংশ বিধায়কে তেওঁলোকৰ সৈতে এই বিষয়ত আলোচনা নকৰা বুলি অসন্তুষ্টিও প্ৰকাশ কৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: