মণিপুৰত নিহতৰ সংখ্যা তিনি শতাধিক! ছুপ্ৰিম ক’ৰ্টত গোচৰ

1 min read

মণিপুৰত যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষত ৩ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ কেন্দ্ৰ অথবা ৰাজ্যত থকা বিজেপি চৰকাৰে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত সংখ্যা কৰ্ণাটকৰ নিৰ্বাচনত প্ৰভাৱ পৰে আশংকা কৰি কঠোৰ সাৱধানতা লৈ লুকুৱাই ৰাখিছে৷ এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ এই ভয়ংকৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়ে কোনো শব্দ উচ্ছাৰণ কৰা নাই৷ মোদী কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত চৰমভাৱে ব্যস্ত৷ শনিবাৰৰ পৰা আজিলৈকে পাঁচখনকৈ নিৰ্বাচনী সভা আৰু শোভাযাত্ৰাত ভাগ লোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজে মণিপুৰ ভ্ৰমণ কৰা দূৰৰে কথা কোনো কেন্দ্ৰীয় মন্ত্ৰীক তেওঁ সংঘৰ্ষকবলিত মণিপুৰলৈ প্ৰেৰণ কৰা নাই৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই দেওবাৰে বেংগালুৰুত নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে ‘দ্য কেৰালা ষ্টৰী’ ছবিখনৰ বিশেষ প্ৰদৰ্শনী উপভোগত ব্যস্ত থাকে৷ এনে সময়তে সংঘৰ্ষপীড়িত মণিপুৰত পুনৰ ৩৭ জন লোকৰ মৃত্যু হোৱা বুলি দেওবাৰে খবৰ প্ৰকাশ পোৱাৰ লগে লগে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে এই ৩৭ জন লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে৷ দেশৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমে প্ৰকাশ কৰা এই খবৰৰ পূৰ্ণ সত্যতা থকা বুলি জানিব পৰা গৈছে৷ ঘাইকৈ ৩ মে’ৰ পৰা ৰাজ্যখনৰ ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি ৰখাৰ বাবে মণিপুৰৰ বাহিৰলৈ নিহতৰ সংখ্যা আৰু প্ৰকৃত ক্ষতিৰসবিশেষ যোৱা নাই৷ প্ৰকৃততে অতি কৌশলপূৰ্ণভাৱে মণিপুৰৰ এই পৰিৱেশ দেশৰ বহিঅৰ্ংশই নজনাকৈ ৰখা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে মণিপুৰত সংবিধানৰ ৩৫৫ অনুচ্ছেদ বলৱৎ কৰি সকলো অভিযানৰ দায়িত্ব নিজে লোৱাৰ আঁৰৰ কাৰণ এয়াই বুলি চৰ্চা হৈছে৷ স্থানীয় সংবাদ মাধ্যমে নিৰন্তৰ বাতৰি প্ৰচাৰ কৰি আছে আৰু সেই বিশ্বস্ত তথ্য অনুসৰি এতিয়ালৈকে পাঁচদিনত মণিপুৰত ৩০০ৰো অধিক লোক নিহত হৈছে৷

মণিপুৰৰ এই গোষ্ঠী সংঘৰ্ষ মণিপুৰ উচ্ছ ন্যায়ালয়ৰ এটা ৰায়ৰ বাবে সংঘটিত হোৱা বুলি ৰাজ্যখনৰ এজন বিজেপি বিধায়ক দিনগাংলুং গাংমেয়ে উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে৷ তেওঁ উক্ত আবেদনত কয় যে, ৰাজ্যখনৰ অগ্ৰণী সম্প্ৰদায় মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ মণিপুৰ উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়াৰ ফলতে এই গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ’ল৷ সৰ্বোচ্ছ আদালতে মণিপুৰ উচ্ছ ন্যায়ালয়ৰ এই ৰায়ত হস্তক্ষেপ কৰিব লাগে৷ আনহাতে মণিপুৰৰ এটা জনজাতীয় সংগঠনেও উচ্ছতম ন্যায়ালয়ত এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰি এই গোষ্ঠী সংঘৰ্ষৰ তদন্ত বিশেষ তদন্তকাৰী গোটৰ জৰিয়তে কৰিব লাগে বুলি আবেদন জনাইছে৷ উচ্ছতম ন্যায়ালয়ে দুয়োখন আবেদনেই গ্ৰহণ কৰিছে৷

কেন্দ্ৰই কি পদক্ষেপ লৈছে-

তাৎপৰ্যপূৰ্ণ এয়াই যে, মণিপুৰত এনে ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ হৈ থকা স্বত্বেও কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে কোনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা ৰাজ্যখনলৈ যোৱা নাই৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ সংঘৰ্ষক লৈ এটা শব্দও খৰচ কৰা নাই৷ অৱশ্যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰে ৰাজ্যখনৰ সকলো বিৰোধী দলক লগত লৈ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে আৰু ৰাজ্যবাসীক শান্তিৰ পৰিৱেশ ঘুৰাই অনাৰ বাবে আহ্বান জনায়৷ ইপিনে, গোষ্ঠী সংঘৰ্ষৰ বাবে দেওবাৰে হ’বলগীয়া সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীটৰ এণ্ট্ৰেন্স মণিপুৰত বন্ধ ৰখা হয়৷ ইপিনে, কঠোৰ পদক্ষেপ হাতত লৈ ৰাজ্যখনৰ হিংসা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মণিপুৰত শনিবাৰেই ৩৫৫ অনুচ্ছেদ জাৰি কৰি সকলো অভিযান নিজৰ হাতলৈ নিয়ে আৰু বিগত দুদিন ধৰি ৰাজ্যখনৰ প্ৰায় প্ৰতিটো থানা এলাকা হয় ভাৰতীয় সেনাবাহিনী বা আছাম ৰাইফলছ আৰু চিআৰপিএফৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ লৈ গৈছে৷ সম্প্ৰতি ৰাজ্যখনত দহ হাজাৰোধিক সেনা আৰু কেন্দ্ৰীয় বাহিনী নিয়োগ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দিনতে মণিপুৰলৈ চিআৰপিএফৰ ২০টা নতুন কোম্পানী আৰু বিয়লি আন দহটা কোম্পানী প্ৰেৰণ কৰিছিল৷ শনিবাৰে পুনৰ ৰাজ্যখনলৈ আনকেইটামান কেন্দ্ৰীয় বাহিনী প্ৰেৰণ কৰিও ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই৷

ঘটনাৰ সূত্ৰপাত কেনেকৈ হ’ল-

প্ৰসংগতঃ উল্লেখযোগ্য যোৱা ৩০ এপ্ৰিলত মণিপুৰ উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা এটা নিৰ্দেশৰ পাছতে মণিপুৰত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ সেই নিৰ্দেশটোত মণিপুৰ উচ্ছ ন্যায়ালয়ে স্থানীয় মেইটেই সম্প্ৰদায়ক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছিল৷ উল্লেখ্য, মণিপুৰৰ ৫১ শতাংশ বাসিন্দাই মেইটেই সম্প্ৰদায়ৰ৷ সেই সম্প্ৰদায় সামাজিক-ৰাজনৈতিক-শিক্ষাগত-আৰ্থিকভাৱে সকলো দিশতে আগবঢ়া৷ কিন্তু তেওঁলোকক এতিয়াও মণিপুৰৰ স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিয়া নহয়৷ মেইটেই সম্প্ৰদায়ে তেওঁলোকক দীৰ্ঘদিন ধৰি জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাই আহিছিল৷ আনহাতে, সংখ্যাগৰিষ্ঠ আৰু সকলো দিশতে আগবঢ়া মেইটেই সম্প্ৰদায়ৰ এই দাবীৰ বিৰোধিতা কৰি আহিছিল ৰাজ্যখনৰ সৰু-বৰ সকলো জনজাতি আৰু বিশেষকৈ কুকি-ঝমি নগা জনজাতিয়ে৷ মণিপুৰ উচ্ছ ন্যায়ালয়ৰ উক্ত পৰামৰ্শৰ পাছত এই বিৰোধৰ মাত্ৰা বৃদ্ধি পায় আৰু কুকি নগা জনগোষ্ঠীৰ সমৰ্থিত এটিইউএমে চুড়াচান্দপুৰ জিলাত তিনি মে’ত জনজাতি সম্প্ৰীতি শোভাযাত্ৰা উলিওৱাৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হয়৷ এই সংঘৰ্ষত উভয়পক্ষই ক্ষতিগ্ৰস্ত হৈছে আৰু ঘটনাই জনগোষ্ঠীয় সংঘৰ্ষৰ ৰূপ লৈছে৷ ঠায়ে ঠায়ে আৰক্ষীৰ পৰা লুট কৰি নিয়া অস্ত্ৰৰে কুকি লোকে আক্ৰমণ চলাইছে আৰু সকলো পক্ষৰে ঘৰ-সম্পত্তি জ্বলাই দিয়া হৈছে৷ অৱশ্যে সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী থকা অঞ্চলত কুকি লোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে৷ ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায় আৰু কুকি-ঝমি নগাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ২০,০০০ৰো অধিক স্থানীয় বাসিন্দা গৃহহাৰা হৈছে আৰু তাৰে ১৩ হাজাৰোধিকক ভাৰতীয় সেনা আৰু আছাম ৰাইফলছে সংঘৰ্ষপীড়িত অঞ্চলৰ পৰা উদ্ধাৰ কৰি নিজৰ আশ্ৰয়ত আৰু ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ স্থাপন কৰি ৰাখিবলগীয়া হৈছে৷ এই ভয়ংকৰ হিংসাত্মক সংঘৰ্ষত গৃহহাৰা হৈ পৰা ২০০০ৰো অধিক মণিপুৰৰ বাসিন্দাই কাছাৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে৷ অসমৰ একাধিক বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ চি-১৭ গ্লোবমাষ্টাৰ আৰু এএ-৩২ এয়াৰক্ৰাফট প্ৰেৰণ কৰি হিংসাকবলিত মণিপুৰৰ বিভিন্ন অঞ্চলৰ পৰা আৱদ্ধ হৈ থকা বহু লোকক শুকুৰবাৰৰ পৰা উদ্ধাৰ কৰি অনা হৈছে৷ হিংসা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই শুকুৰবাৰৰ পৰা মণিপুৰলৈ অহা-যোৱা কৰা সকলো ৰে’লগাড়ী আৰু ৰাজ্যখনৰ ভিতৰত যাতায়াত কৰা সকলো ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে৷

অসমৰ ২১গৰাকী শিক্ষাৰ্থীক গৃহৰাজ্যলৈ স্থানান্তৰ-

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ গোষ্ঠী সংঘৰ্ষত মণিপুৰৰ অৱস্থা জ্বালামুখী হৈ পৰাত চুবুৰীয়া ৰাজ্যখনত অধ্যয়ন কৰি থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে৷ জনজাতীয়-অজনজাতীয় লোকৰ মাজৰ সংঘৰ্ষ নিয়ন্ত্ৰণহীন অৱস্থালৈ গতি কৰা সময়তে কালি নিশা অসম চৰকাৰৰ তৎপৰতাত চুবুৰীয়া ৰাজ্যখনত অধ্যয়ন কৰি থকা অসমৰ ২১গৰাকী ছাত্ৰ-ছাত্ৰীক কঠোৰ নিৰাপত্তাৰ মাজেৰে অসমলৈ লৈ অহা হয়৷ ইম্ফল কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী জাহ্নৱী চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে চি আৰ পি এফ বাহিনীৰ কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজেৰে অসমলৈ লৈ অহা ছাত্ৰ- ছাত্ৰীসকলৰ মাজত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱাসৰ পৰা নলবাৰীৰ তিনি গৰাকী, গুৱাহাটীৰ চাৰিগৰাকী, শিলচৰৰ এগৰাকী, ডিব্ৰুগড়ৰ দুগৰাকী, শিৱসাগৰৰ এগৰাকী শিক্ষাৰ্থীকে ধৰি এনআইটিৰ আঠগৰাকী শিক্ষাৰ্থীক কালি নিশা গুৱাহাটী বিমানবন্দৰলৈ লৈ অহা হয়৷ উল্লেখ্য কালি সন্ধিয়া শিক্ষাৰ্থীসকলক অসম চৰকাৰৰ তৎপৰতাত চিআৰপিএফৰ এক বৃহৎ দলে শিক্ষাৰ্থীসকলক বিমানবন্দৰলৈ আনে৷ শিক্ষাৰ্থীসকলৰ মাজত ত্ৰিপুৰা আৰু মিজোৰামৰো কেইবাগৰাকীও শিক্ষাৰ্থীক গুৱাহাটী বিমানবন্দৰলৈ লৈ অহা বুলি জানিব পৰা গৈছে৷

You May Also Like

More From Author