৯ গৰাকী যুৱতীক বিয়া এজন যুৱকৰ; সকলোকে সংগ দিবলৈ প্ৰস্তুত কৰি লৈছে ৰুটিন

৯ গৰাকী যুৱতীক বিয়া এজন যুৱকৰ; সকলোকে সংগ দিবলৈ প্ৰস্তুত কৰি লৈছে ৰুটিন

একেলগে ৯ গৰাকীকৈ যুৱতীক বিয়া কৰাই চৰ্চাত এজন ব্ৰাজিলৰ মডেল। নাম আৰ্থাৰ ও উৰচো । আৰ্থাৰে ৯গৰাকী যুৱতীক পত্নী স্বীকৃতি দি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

 

এই বৃহৎ পৰিয়ালটো ৰাখিবৰ কাৰণে আৰ্থাৰে ব্ৰাজিলৰ জোঁ পেচ’ৰা চহৰত এটা প্ৰাসাদোপম অট্টালিকা নিৰ্মাণ কৰি উলিয়াইছে । মাত্ৰ ৩৬ বছৰীয়া আৰ্থাৰে ৯গৰাকী স্ত্ৰীক লৈ সুখৰ সংসাৰ কৰি আছিল যদিও বৰ্তমান এই বৃহৎ সংসাৰখনলৈ নামি আহিছে অশান্তি।

ন গৰাকী পত্নীক লৈ সংসাৰ কৰা আৰ্থাৰক অৱশ্যে পৰৱৰ্তী সময়ত এগৰাকী এগৰাকীকৈ মুঠ ৫ গৰাকী পত্নীয়ে এৰি থৈ যায় । আতৰি যোৱা পত্নীকেওগৰাকীয়ে প্ৰথমে এই বহুগামী বিবাহত সন্মতি প্ৰদান কৰিছিল যদিও পিছত এই সম্পৰ্কক লৈ মোহভংগ হয় আৰু আৰ্থাৰক সৈতে সম্পৰ্ক বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয় ।

মন কৰিবলগীয়ে যে এই মূহুৰ্তত তেওঁৰ মাত্ৰ চাৰিজনী পত্নীহে আছে। তেওঁৰ লগতে এই চাৰি পত্নী বৰ্তমান ব্ৰাজিলৰ সেই বিশাল অট্টালিকাতে বাস কৰি আছে ।

এই বিষয়ত আৰ্থাৰে কয় যে- একাধিক পত্নীৰ লগত এনেকৈ জীৱন নিৰ্বাহ কৰাটো আৰু সকলোকে সময় দি সকলোৰে লগত মিলি থকাটো ইমানো কঠিন নহয়।

তেওঁ লগতে কয় যে প্ৰথম অৱস্থাত এই বহুগামী বৈবাহিক সম্পৰ্ক স্থাপন কৰোতে বহুতৰে পৰা নানা কথা শুনিবলগীয়া হৈছিল । লগতে বহু লোকেই তেওঁক ঠাট্টা-মস্কৰাও কৰিছিল। কিন্তু এতিয়া যেন সকলো স্বাভাৱিক।

আৰ্থাৰে ৫ পত্নীৰে হোৱা বিচ্ছেদৰ সম্পৰ্কত কয়, “আমাৰ মাজত কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল । শান্তিৰে আমি এই সম্পৰ্কৰ অৱসান কৰিছিলোঁ । প্ৰত্যেকে প্ৰত্যেকৰ লগত অনুভূতিৰ ভাগ-বতৰা কৰিছিলোঁ । মুক্ত ভালপোৱাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ এনেদৰেই হোৱা উচিত।‘’

বিচ্ছেদৰ পাছত তেওঁক আৰু সংগীৰ প্ৰয়োজন নেকি ?

তেওঁক একাধিক সংগীৰ প্ৰয়োজন । এনে সময়ত আৰ্থাৰে নিশ্চয়কৈ নতুন সংগীৰ অনুসন্ধান কৰি আছে । কিন্তু পুনৰ বিয়া কৰাবলৈ তেওঁ প্ৰস্তুত হয় নে নহয়, সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নাই।

উল্লেখ্য যে আৰ্থাৰে মহা ধুমধামেৰে ব্ৰাজিলৰ এটা গীৰ্জাত এই বিবাহ সম্পন্ন কৰিছিল। কেৱল বহুগামী সম্পৰ্কৰ বাবেই নহয় , সংগী বিচৰাৰ অন্য এটা কাৰণো আছিল তেওঁৰ । আৰ্থাৰে কয় যে তেওঁৰ বিশাল অট্টালিকাটোত সকলো সময়তে পৰিপূৰ্ণ হৈ থকটো বিচাৰে ।

GTM Desk

Related