৩ জন স্বামীৰ লগত সুখী হব নোৱাৰি, চতুৰ্থজনৰ লগত পলাই গ’ল মহিলা…

0 min read

গুৱাহাটী: এক আচৰিত ঘটনা, এক নম্বৰ নহয় দুই নম্বৰ নহয়, চাৰি নম্বৰ প্ৰেমিকৰ লগত পলাই গল এজনী মহিলা ।

মহিলাগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ ডিমাকুছিত, নাম ৰীতা দাস।

আচলতে মানুহে মোবাইল ফোন, কাপোৰ আদি সলোৱাৰ দৰে এগৰাকী মহিলাই এইবাৰ সলনি কৰিছে স্বামী ।

এইবাৰৰ চতুৰ্থ জন ভাগ‍্যৰ্বান স্বামী হ’ল জাগীৰোডৰ অলোক নেওগ নামৰ এজন লোক। ডিমাকুছিৰ তিনিনম্বৰ স্বামী বাবুল দাসৰ সদ্যহতে মন বেয়া যদিও প্ৰথমা পত্নীৰ মন পিছে আজি ফৰকাল।কিয়নো স্বামী বাবুল দাসে প্ৰথমা পত্নীৰ উপস্থিতিতে ৰীতাৰ প্ৰেমত পৰি বিয়া কৰাই লৈ আহিছিল। ইফালে এই ঘটনাই বিভিন্নজনক বেচ আমোদ দিছে।

You May Also Like

More From Author