মাষ্টাৰচেফ ইণ্ডিয়াৰ ফাইনেলত দুই অসম সন্তান

মাষ্টাৰচেফ ইণ্ডিয়াৰ ফাইনেলত দুই অসম সন্তান

চনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব’ মাষ্টৰ চেফ ইণ্ডিয়াৰ সপ্তম চিজনত তিনিচুকীয়াৰ এজন যুৱক নয়নজ্যোতি শ‌ইকীয়া আৰু নগাঁৱৰ এগৰাকী মহিলা শান্তা শৰ্মা জিলিকি উঠিছে।

নিজৰ ৰন্ধন শৈলী, ৰন্ধন বস্তুৰ সোৱাদ আৰু হাতৰ পৰশেৰে শ্ব’টোৰ তিনিগৰাকী বিচাৰকৰ মন জয় কৰি ফাইনেলত উপনীত হৈছে দুয়ো অসম সন্তান।

বৰ্তমান চলি থকা উক্ত ৰন্ধন শ্ব’ৰ শীৰ্ষ সাতটা স্থানত অন্যতম হৈ দুয়োয়ো অসমবাসীক গৌৰাম্বিত কৰি তুলিছে। নয়নজ্যোতি শ‌ইকীয়া আৰু শান্তা শৰ্মাই তেওঁলোকৰ ৰন্ধনেৰে বিজয়ীৰ খিতাপ জয় কৰাৰ বাবে নিজৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে, ফাইনেলৰ পূৰ্বে তেওঁলোকে নিজ নিজ বাসগৃহত আপোন মানুহৰ কাষলৈ তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ ল’বলৈ আহিছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অন্ত পৰিবলগীয়া ৰিয়েলিটি শ্ব’টোৰ পৰা মাত্ৰ কিছুদিনৰ বাবে ঘৰত উপস্থিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে নিজৰ নিজৰ অঞ্চলবাসী।

Shahnawaz Hamza

Related