মেট্ৰিকত সপ্তম স্থান দখল কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী সুৰ্দশনা ভুঞাই
মেট্ৰিকত সপ্তম স্থান দখল কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী সুৰ্দশনা ভুঞাই।টীয়ক বলমাৰ পাইপ লাইনৰ নিবাসী অতুল চন্দ্ৰ ভুঞা আৰু জ্যোতিমণি দত্ত ভুঞাৰ একমাত্ৰ কন্যা সুদৰ্শনাই মুঠ 588 নম্বৰ লাভ কৰি অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।এই কৃতিত্বৰ বাবে ছাত্ৰীগৰাকীয়ে পিতৃ মাতৃৰ লগত বিদ্যালয়ৰ শিক্ষক তথা শুভাকাংক্ষীসকলৰ শলাগ লয়।দেউতাকে সাধাৰণ ব্যৱসায় কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালটোৰ একমাত্ৰ কন্যাগৰাকীৰ এই সফলতাত এতিয়া সমগ্ৰ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে।উল্লেখযোগ্য যে টীয়ক জাতীয় বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে সৰুৰে পৰা সুৰ্দশনা মেধা সম্পন্ন আছিল আৰু পঢ়াৰ সমান্তৰালকৈ সাংস্কৃতিক দিশতো আগবঢ়া আছিল।আজি ছাত্ৰীগৰাকীৰ এই সফলতাই তেওঁৰ প্ৰতিভা আৰু এক প্ৰমাণ দেখুৱালে বুলি সদৰি কৰি ছাত্ৰীগৰাকীৰ অনাগত দিনবোৰ মধুময় কামনা কৰে।