গৰ্ভৱতী অনুষ্কা-কৰিণা-ছোহাৰ যোগ চৰ্চা দেখিছেনে? স্বাভাৱিক প্ৰসৱৰ বাবে কিমান জৰুৰী শৰীৰ চৰ্চা? জানি লওক

1 min read

মা হোৱাৰ অনুভূতি পৃথিৱীৰ আটাইতকৈ মধুৰ অনুভূতি। এই সময়ত এগৰাকী গৰ্ভৱতী নাৰীৰ শাৰীৰিক আৰু মানসিক দিশত বহু পৰিৱৰ্তন আহে। আহিবলগীয়া সন্তানৰ স্বাস্থ্যকলৈ চিন্তিত হৈ থাকে।  সেয়েহে গৰ্ভাৱস্থাত সাধাৰণ শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজনীতা আছে।  কিন্তু চিকিত্‍সক বা ফিজিকেল ট্ৰেইনাৰৰ পৰামৰ্শ লৈ যোগ-ব্যায়াম  কৰা উচিত।


মানসিক উদ্বেগ কমাই শৰীৰ চৰ্চাই। এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰথমেই হৰ্মনেল পৰিৱৰ্তন লক্ষ্য কৰা হয়। প্ৰথম উদাহৰণ হ’ল, বেক পেইন। তাৰ লগতে মুড চুইং, উদ্বেগ, খং ইত্যাদি সমস্যা লগতে থাকেই। গতিকে অনুলম্ব-বিলম্ব(প্ৰাণায়ম), বজ্ৰাসন আদি ব্যায়াম কৰিব পাৰে।  ২০১২ চনত মিছিগান বিশ্ববিদ্যালয়ত গৱেষকে সমীক্ষা চলাইছিল। আৰু সমীক্ষাত দেখা গৈছিল যে, গৰ্ভাৱস্থাত হতাশাৰ পৰা মুক্তি পাবলৈ মেডিটেশ্যন অত্যন্ত প্ৰয়োজনীয়।

নৰ্মেল প্ৰসৱত সহায় কৰেঃ ২০১২ চনৰ জাৰ্নেল অৱ অল্টাৰনেটিভ এণ্ড কলপ্লিমেণ্টৰী মেডিচিনৰ গৱেষকৰ সমীক্ষাত দেখা গৈছিল যে, ব্যায়ামে শিশুৰ ওজন বঢ়ায় বা শিশুক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে। বহু মহিলাৰ গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ বা তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। নিয়মিত ব্যায়ামৰ ফলত কঁকাল-পিঠিৰ পেশী শিথিল হয় লগতে স্বাভাৱিক প্ৰসৱত সহায়ক হয়।

গৰ্ভকালীন শাৰীৰিক সমস্যাঃ প্ৰথমবাৰ যি মা হ’ব, তেওঁলোকে পুৱা চিকনেচ, বমি বমি ভাব, খোৱাত অৰুচি আদি সমস্যাৰ ঘনে ঘনে সন্মুখীন হয়। এনেবোৰ সমস্যাৰ পৰা শৰীৰ চৰ্চাই কিছু পৰিমাণে হ’লেও সকাহ দিব পাৰে। শৰীৰৰ ৰক্ত সঞ্চালন, অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। গৰ্ভাৱস্থাৰ যোগ- নিদ্ৰাসন, শৱাসন আদি কৰা যায়।

প্ৰসৱ যন্ত্ৰণা- প্ৰথমবাৰ মা হ’বলৈ ওলোৱা সকলৰ প্ৰসৱৰ ধাৰণা ভীতিজনক হ’ব পাৰে। গতিকে যোগ-ব্যায়ামৰ মাধ্যমেৰে কিদৰে ভৰি ষ্টেচ কৰিব লাগে, প্ৰসৱ যন্ত্ৰণা হোৱাৰ সময়ত কিদৰে শ্বাস-প্ৰশ্বাস ল’ব লাগে তাৰ এক ধাৰণা লাভ কৰে। ইয়াৰ বাবে ত্ৰিকোনাসন, বন্ধাকোণাসন আদি ব্যায়াম উপযুক্ত।

লিগামেণ্ট প্ৰসাৰিত হয়ঃ প্ৰসৱৰ আগত যোগ-ব্যায়ামে গৰ্ভৱতী মহিলাৰ শৰীৰৰ পেশী আৰু লিগামেণ্টক প্ৰসাৰিত কৰাত সহায় কৰে। ফলত শিশু সুস্থা ভাবে বাঢ়ি যায়।

Source: NEWS18 ASSAM

You May Also Like

More From Author