আইএএছৰ পদ ত্যাগ কৰি, ব্যৱসায়ৰ পথ বাচি লোৱা যুৱক বৰ্তমান ১৪,০০০ কোটি টকীয়া কোম্পানীৰ মালিক

আইএএছৰ পদ ত্যাগ কৰি, ব্যৱসায়ৰ পথ বাচি লোৱা যুৱক বৰ্তমান ১৪,০০০ কোটি টকীয়া কোম্পানীৰ মালিক

 সকলোৰে বাবে সফলতাৰ এক নিজা সংজ্ঞা আছে। কোনোবাই চিকিৎসক হ’ব বিচাৰে, আকৌ আন কোনোবাই চৰকাৰী অভিযন্তা হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কিন্তু কিছুমান এনে লোক আছে যিয়ে নিজৰ সপোন সাৰ্থক কৰিবলৈ উচ্চ পদস্থ চৰকাৰী বিষয়াৰ পদবী এৰিবলৈ সংকোচ নকৰে। ঠিক তেনে এগৰাকী ব্যক্তি হৈছে প্ৰাক্তন আই এ এছ বিষয়া ৰোমান চাইনি। ৰোমান চাইনি এজন সফল চিকিৎসক, এজন প্ৰাক্তন আইএএছ বিষয়াৰ লগতে বৰ্তমান তেওঁ এগৰাকী সফল উদ্যোগী।

১৬ বছৰ বয়সত এইমছৰ নামভৰ্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰোমান চাইনী কম বয়সত সফলতা অৰ্জন কৰা দেশৰ একমাত্ৰ যুৱক। কেৱল সেয়াই নহয়, তেওঁ ১৮ বছৰ বয়সত গৱেষণা পত্ৰ লিখিও সম্পূৰ্ণ কৰিছিল। এম.বি.বি.এছ. সম্পূৰ্ণ কৰাৰ পিছত, ৰোমান চাইনীয়ে এইমছৰ ৰাষ্ট্ৰীয় ঔষধ নিৰ্ভৰশীলতা চিকিৎসা কেন্দ্ৰত কাম কৰিছিল।

যিকোনো যুৱকৰ বাবে এইটো এটা সপোনৰ কাম হ’ব পাৰে, কিন্তু ৰোমানে ৬ মাহ পিছতে আইএএছ বিষয়া হ’বলৈ সেই কাম পৰিত্য়াগ কৰে। ২২ বছৰ বয়সত, ৰোমান চাইনীয়ে দেশৰ আটাইতকৈ কঠিন অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত আইএএছ বিষয়াসকলৰ মাজৰ আটাইতকৈ কম বয়সীয়া বিষয়া ৰোমানক মধ্য প্ৰদেশৰ জবলপুৰ জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

GTM Desk

Related