মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ অসমৰ ভূমি, সৰ্বদলীয় বৈঠকত ল’লে কেইবাটাও সিদ্ধান্ত

মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ অসমৰ ভূমি, সৰ্বদলীয় বৈঠকত ল’লে কেইবাটাও সিদ্ধান্ত

অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ আজি কইনাধৰাৰ ১নং অতিথিশালাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক (all party meeting)। বৈঠকত অসম-মেঘালয়ৰ সীমাক (Assam-Meghalaya border issue) লৈ বিবদমান ১২টা স্থানৰ ৬টা স্থানৰ সমস্যা সমাধানক লৈ আলোচনা কৰা হয়। এই ৬ স্থান ক্ৰমে তাৰাবাৰী, গিজাং, বকলাপাৰা,পিলিকাটা, ৰাতাচাৰা আৰু হাহিম। এই বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি পিলিংকাটা, লাম্পী, পশ্চিম গুৱাহাটীৰ সৰু অংশ মেঘালয়ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বৈঠকৰ পিছতে বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে যে অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ভূমি লাভ কৰিব। আনহাতে মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ ভূমি। ইয়াৰ ফলত ভৱিষ্যতে কেতিয়াও এই স্থানসমূহ মেঘালয়ে দাবী কৰিব নোৱাৰে।

বিৰোধী দল কংগ্ৰেছে বিধান সভাৰ মজিয়াত বিষয়টো আলোচনাৰ পোষকতা কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সীমা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সর্বদলীয় বৈঠকৰ পৰিৱৰ্তে নহয় বিধানসভাত আলোচনা কৰাৰ আহ্বান জনায়।

আনহাতে অগপ, এআইইউডিএফ, বিপিএফ, ইউপিপিএলৰ প্ৰতিনিধিয়ে চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Dr. Himanta Biswa Sarma ) সৰ্বদলীয় বৈঠকত শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰৰ লগতে চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, UPPLৰ লৰেন্স ইছলাৰী, জয়ন্ত বসুমতাৰী, বিপিএফৰ দুৰ্গাদাস বড়ো, প্ৰবীণ বড়ো, অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়াই অংশগ্ৰহণ কৰে।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related