29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ত উপস্থিত মন্ত্ৰী যোগেন মহন

Assamese Newsচামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ত উপস্থিত মন্ত্ৰী যোগেন মহন

ৰাজ্য খনৰ সৱসাধাৰণ ৰাইজে যাতে মিছন বসুন্ধৰা আচঁনি খনৰ জৰিয়তে উপকৃত হয় তাৰ কাৰনে আজি হঠাৎ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন। চামগুৰি ৰাজহ চক্ৰৰ গতঙ্গা ৰিজাৰ্ভ ফৰেষ্ট, বালিজুৰি, গৰুমৰা, বাজিয়া গাঁৱকে ধৰি বিভিন্ন স্থানত সন্দেহজনক লোকে ইতিমধ্যে বেদখল কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। ৰাজ্য চৰকাৰেও ৰাজহ কাৰ্যালয়টোৰ অধীনত চৰকাৰী ভূমি অবৈধ ভাৱে দখল কৰি থকা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। বিশেষঃত ৰাইজৰ বাবে আগবঢ়োৱা মিছন বসুন্ধৰা আঁচনিৰ বুজ ল’বলৈকে দুপৰীয়া প্ৰায় ১২-৩০ বজাত ৰাজহ মন্ত্ৰী মহন কাৰ্যালয়টোত উপস্থিত হয়। প্ৰায় এক ঘণ্টা ধৰি কাৰ্যালয়টোত অতিবাহিত কৰাৰ সময়তে স্থানীয় ৰাইজে মন্ত্ৰী মহনক দালালৰাজ সন্দৰ্ভত অভিযোগ দিয়ে। গেৰুৱামুখ গাঁৱৰ জয়ন্ত দাস নামৰ যুৱকজনে কাৰ্যালয়টোৰ লাট মণ্ডল আৰু বিষয়াই জালিয়াতি কৰি তেওঁলোকৰ পৈতিক সম্পত্তিৰ ছয় কঠা ভূমি অনা অসমীয়া লোকৰ হাতলৈ হস্তান্তৰ কৰিলে বুলি অভিযোগ দিয়ে। মন্ত্ৰী মহন এই ক্ষেত্ৰত কিছু অপ্ৰস্তুত হৈ শীঘ্ৰেই এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজহ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে। সাংবাদিকৰে হোৱা কথা বতৰাত অতি শীঘ্ৰেই চামগুৰিতো চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদ কৰা হ’ব বুলি মন্তব্য কৰে। এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াক যাৱতীয় সকলো তথ্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও প্ৰকাশ কৰে। লগতে বিচাৰ বিবেচনা কৰি নিয়ম অনুসৰি সংৰক্ষিত ভূমিক সাধাৰণ ভূমিলৈ ৰূপান্তৰিত কৰি হ’লেও উচ্ছেদিত থলুৱা ভূমিহীন লোকক প্ৰদানৰ ব্যৱস্থা কৰা হব বুলিও মন্ত্ৰী মহনে ব্যক্ত কৰে। চাহ জনগোষ্ঠীয় ভূমি সংক্ৰান্তীয় কাম কাজ পৰিচালনা কৰিবলৈ চামগুৰিত বিশেষ কমিটি গঠন কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মিছন বসুন্ধৰাৰ জৰিয়তে ৰাজ্যত বৰ্তমানলৈকে দুই লক্ষাধিক ভূমি সংক্ৰান্তীয় আবেদন গ্রহণ কৰা হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰী মহনে। লগতে চাহ জনজাতি ভূমি সংক্ৰান্তীয় কাম কাজ পৰিচালনা কৰিবলৈ চামগুৰিত এখন বিশেষ কমিটি গঠনৰ দিহা কৰা হব বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷আজি মন্ত্ৰী গৰাকীৰ লগত চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত থাকে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াকে ধৰি বহু কেইজন নেতা কৰ্মী ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!