কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন

কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন

উত্তৰ কোৰিয়াই আজি নিচেই পুৱাতে কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা হ্ৰস দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰে। দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্ৰ পৰীক্ষণে অঞ্চলটোত শান্তিৰ বাতাবৰণ বিঘ্নিত কৰিব। এই সন্দৰ্ভত ৱাশ্বিংটন মহলে কয় যে উত্তৰ কোৰিয়াৰ শেহতীয়া ক্ষেপণাস্ত্ৰ পৰীক্ষণে আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইয়াৰ মিত্ৰ দেশসমূহলৈ কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি কৰা নাই। জাপানৰ উপকূলৰক্ষী বাহিনীয়ে প্ৰকাশ কৰা মতে, উত্তৰ কোৰিয়াৰ এটা ক্ষেপণাস্ত্ৰ সাগৰত পৰে। উত্তৰ কোৰিয়াই ৫ দিন পূৰ্বে ২০১৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াৰ আকাশমাৰ্গলৈ কেইবাখনো ড্র’ন প্ৰেৰণ কৰিছিল। উত্তৰ কোৰিয়াই পূৰ্বৰ তুলনাত এইবছৰত অধিক পৰিমাণৰ মিছাইলৰ পৰীক্ষা সম্পন্ন কৰিছে।

GTM Desk