বিহালী বুৰৈগুৰীত অপহৰণৰ ঘটনা!

বিহালী বুৰৈগুৰীত অপহৰণৰ ঘটনা!

বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী বুৰৈগুৰী গাৱঁৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী নিৰুদ্দেশৰ হৈ আছে,২৩ জুনত অভিযোগ দাখিল যোৱা কালি এগৰাকী মহিলাক আটক বিহালী আৰক্ষীৰ। তথ্য মতে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী বুৰৈগুৰী গাৱঁৰ গজেন দাস আৰু জোনালী দাসৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক বিগত ৫মাহৰ পূৰ্বতে বিহালীৰে চিনাকী মহিলাই এগৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ ফুৰিবলৈ যাও বুলি ৰাজস্থান পোৱালে।পিছত বেংগাৰুত থকা পিতৃৰ লগত কিশোৰীৰ যোগাযোগ হয় আৰু কিশোৰীক ঘৰলৈ যাবলৈ আহ্বান জনায়। ইয়াৰ পিছতে এই মহিলা গৰাকীৰ ওপৰত অভিযোগ দিবলৈ মাতৃ জোনাকী আহে যদিও পিতৃয়ে মানা কৰে তেখেত নিজেই আহি অভিযোগ দিব এনেকৈয়ে ৫ মাহ অতিক্ৰম কৰিলে।শেষত পিতৃ গজেন সোনাৰী আৰু কিশোৰীৰ মাতৃয়ে ২৩ জুনত বিহালী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল সেই সন্দৰ্ভত যোৱা কালি বিহালী অঞ্চলৰ এগৰাকী মহিলাক বিহালী আৰক্ষীয়ে আটক কৰি তদন্তৰ অব্যাহত ৰাখিছে।

GTM Desk

Related